পথাৰতেই বজ্ৰ পৰি এজনৰ মৃত্য়ু - Thunderstorm

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 11:03 PM IST

thumbnail
মিকিৰভেটাত অঘটন (ETV Bharat Assam)

ধিং, ১ ছেপ্টেম্বৰ: মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত ঠেংখালি গাঁৱৰ হাৰুণ আলী নামৰ লোকজনৰ  দেওবাৰে বজ্র পৰি মৃত্য়ু হয় । পথাৰৰ এটা জুপুৰিত জিৰণি লোৱাৰ সময়তেই বজ্রপাতত ঘৰটো জ্বলি যোৱাত তেওঁৰ থিতাতে মৃত্যু হয় ।

পিচত স্থানীয় ৰাইজে মিকিৰভেটা আৰক্ষী থানাত অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । হাৰুণ আলীয়ে পত্নীসহ ৫গৰাকী কন্য়া সন্তান ইহসংসাৰত এৰি থৈ যায় । পৰিয়ালটোক পোহপাল দিয়া লোকজনেই আছিল হাৰুণ আলী । একমাত্ৰ উপাৰ্জন কৰা লোকজনৰ অকাল মৃত্যু হোৱাত পৰিয়ালটোৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ৰাইজে চৰকাৰ তথা স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীক পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:বজ্ৰপাতত মৃত্যু একেটা পৰিয়ালৰ দুই ভাতৃৰ - Lightning strike in Nalbari

কলগাছিয়াৰ সত্ৰ মইনবৰীত বজ্ৰপাতত ছাত্ৰীৰ মৃত্য়ু - Thunderstorm

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.