thumbnail

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 10:32 PM IST

ETV Bharat / Videos

মঙলদৈত তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু এজনৰ, এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ - Suspected murder case

মঙলদৈ,৭ আগষ্ট : মঙলদৈত এজন লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । মঙলদৈৰ মিলনপুৰৰ নিকুঞ্জ ডেকা নামৰ এজন লোকৰ তিনিমহলীয়া অট্টালিকাৰ পৰা পৰি মৃত্যু হোৱা বুলি প্ৰথম অৱস্থাত জানিব পৰা গৈছিল ।  কিন্তু পৰিয়ালৰ লোকে এই মৃত্যুৰ ঘটনাক ৰহস্যজনক আখ্যা দিছে । কেৱল সেয়াই নহয়, লোকজনৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, মৃত নিকুঞ্জ ডেকাই ৬ মাহমান পূৰ্বে তেওঁৰ সৈতে একেলগে কৰ্মৰত মঙলদৈ লোকনিৰ্মাণ বিভাগৰ জ্যেষ্ঠ সহায়ক লক্ষ্মন নাথৰ মিলনপুৰৰ অট্টালিকাৰ তৃতীয় মহলাৰ এটি কোঠা ভাৰাত লৈছিল । অঞ্চলটোত প্ৰায়ে বান্দৰৰ উপদ্ৰৱ হৈ থাকে বাবে নিকুঞ্জ ডেকাই পুৱাতে বান্দৰ খেদিবলৈ গৈছিল । কিন্তু তেতিয়াৰে পৰা নিৰুদ্দেশ হৈ আছিল নিকুঞ্জ ডেকা । বহু বিচাৰ-খোচাৰ কৰাৰ উপৰি চি চি কেমেৰা পৰীক্ষা কৰিও কোনো সম্ভেদ পোৱা নাছিল নিকুঞ্জ ডেকাৰ । অৱশেষত ঘৰৰ মালিক লক্ষ্মণ নাথে তেওঁৰ ঘৰুৱা কৰ্মচাৰীক বিচাৰিবলৈ নিৰ্দেশ দিয়ে । ইয়াৰ পিচত বিয়লি অট্টালিকাটোৰ পশ্চিম দিশত ওচৰৰ আন এটা অট্টালিকাৰ তলত নিকুঞ্জৰ মৃতদেহটো মঙলদৈ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।কিন্তু নিকুঞ্জ ডেকাৰ কেনেদৰে মৃত্যু হ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।

লগতে পঢ়ক: ৰহস্যঘন হত্যাকাণ্ডৰ তদন্তৰ বাবে চি আই ডি-ফৰেনচিক দলৰ অভিযান - Dhakuakhana Sunil Gogoi Case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.