thumbnail

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:40 PM IST

ETV Bharat / Videos

বিদ্যুৎ বিভাগৰ গাফিলতি, গৌৰীসাগৰত বিদ্যুৎস্পৃষ্ট হৈ এজন - Man Electrocuted

আমগুৰি, ১৪ জুলাই: জীৱনলৈ মৃত্যু কেনেকৈ আহে কোনেও নাজানে । গন্তব্য় স্থানলৈ গৈ থাকোতেও আদবটতে ৰৈ থাকিব পাৰে মৃত্য়ুৰ কাৰক । হয়তো আজি ঘৰৰ পৰা ওলাই আহোতেও শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ ২ নং চিন্তামণিগড়ৰ ভীম গগৈ (৪০) নামৰ লোকজনে ভবা নাছিল তেওঁৰ বাবে বাটতেই মৃত্য়ুৱে অপেক্ষা কৰি আছে । পথেৰে গৈ থাকোতেই দেওবাৰে বিদ্যুৎস্পৃষ্ট হৈ এই লোকজনে জীৱনৰ শেষ নিঃশ্বাস ত্য়াগ কৰে ।

অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ গাফিলতিৰ বাবেই এই লোকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰি থাকোতে লোকজনে উক্ত পথেৰে যোৱাত বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যুক আকোঁৱালি লয় । ইয়াৰ পিচতেই ঘটনাস্থলীত গৌৰীসাগৰ থানাৰ আৰক্ষী উপস্থিত হৈ লোকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । স্থানীয় ৰাইজে এই পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণ দিবলৈ সংশ্লিষ্ট বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক:সোণাৰিত বিদ্যুৎ বিভাগৰ গাফিলতি; উন্মুক্ত ট্ৰেন্সফৰ্মাৰত লাগি বিদ্যুৎস্পৃষ্ট এজন

বিদ্যুৎ বিভাগৰ গাফিলতি; বিদ্যুৎপৃষ্ট হৈ মাকুমত নিহত ১, সংকটজনক অৱস্থাত নিয়ৰ - Man Electrocuted

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.