দিন ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ডকাইত - Robbery in Guwahati

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 9:26 PM IST

thumbnail
সোণ ডকাইতি কৰিবলৈ গৈ ৰক্তাক্ত হ’ল ডকাইতৰ মুখ (ETV Bharat Assam)

গুৱাহাটী, ১২ জুন : গুৱাহাটীৰ হেদায়ৎপুৰত চাঞ্চল্যকৰ ঘটনা । দিন ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল এটা ডকাইত । ধৃত ডকাইতটো অভিষেশ ঠাকুৰ । গুৱাহাটী ক্লাবত থকা পি ডি জুৱেলাৰ্চৰ স্বত্বাধীকাৰীৰ মুখত স্প্ৰে মাৰি সোণ লৈ উধাও হওঁতেই ৰাইজৰ ৰোষত পৰিল ডকাইতটো ।

জুৱেলাৰীৰ স্বতাধিকাৰীয়ে চিঞৰ বাখৰ কৰাত দৌৰি পলাইছিল ডকাইতটো । হেদায়ৎপুৰৰ একাংশ লোকে ধৰিবলৈ লওঁতে পিষ্টল দেখুৱাই পলাবলৈ চেষ্টা কৰিছিল অভিষেশ ঠাকুৰে । কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত জালত পৰিল ডকাইতটো । ধৃত ডকাইতটোক উত্তম মধ্যম সোধাই ৰাইজে চমজাই দিলে লতাশিল আৰক্ষীক ।

জানিব পৰা মতে গুৱাহাটী ক্লাবত থকা পি ডি জুৱেলাৰ্চত মঙলবাৰে গ্ৰাহকৰ ৰূপত আহিছিল ধৃত অভিষেশ ঠাকুৰ । গ্ৰাহক হিচাপে আহি সোণৰ চেইন চাই আছিল । প্ৰায় আধা ঘন্টা সোণৰ চেইন চাই বুধবাৰে আহিম বুলি কৈ গৈছিল । বুধবাৰে দুপৰীয়া দোকানখনলৈ আহি সোণৰ চেইন চাই আছিল অভিষেশ ঠাকুৰে ।

সুযোগ বুজি জুৱেলাৰীখনৰ স্বত্বাধিকাৰীক পেপাৰ স্প্ৰে মাৰি সোণৰ চেইন থকা বক্স এটা লৈ পলায়ন কৰিছিল । দোকানীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজে ডকাইতটোক ধৰিবলৈ চেষ্টা কৰাত পিষ্টল দেখুৱাই পলাবলৈ চেষ্টা কৰিছিল যদিও সক্ষম নহ’ল ।

লগতে পঢ়ক: আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ বাবেই গুলীচালনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.