ৰাজনীতিক একাষৰীয়া কৰি খেতিপথাৰত নামিল লুৰীণজ্যোতি গগৈ - Lurinjyoti Gogoi On Paddy Field

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 9:21 PM IST

Updated : Jul 14, 2024, 11:01 PM IST

thumbnail
ৰাজনীতিক একাষৰীয়া কৰি খেতিপথাৰত নামিল লুৰীণজ্যোতি গগৈ (ETV BHARAT ASSAM)

তিনিচুকীয়া, ১৪ জুলাই: আহাৰমহীয়া পথাৰত এতিয়া কৃষক ৰাইজে কঁপালৰ ঘাম মাটিত পেলাই সোণগুটি ৰোৱাত ব্যস্ত। মূৰ তুলি চাবলৈ সময় নাই কৃষকৰ । সেই সময়তেই ৰাজনৈতিক ক্ষেত্ৰত সীমাৱদ্ধ নাথাকি আহাৰমহীয়া খেতিপথাৰত অন্য এক আন্দোলনত ব্যস্ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ ৷ তিনিচুকীয়া জিলাৰ বৰলাইপুলি গাঁৱৰ লুৰীণজ্যোতি গগৈৰ খেতিপথাৰত দেওবাৰে ন-ভুঁই ৰোৱাৰ আৰম্ভণি কৰিলে ৷  

ন-ভুঁই ৰোৱাৰ সময়ত কৃষি পথাৰত লুৰীণজ্যোতি গগৈয়ে কেতিয়াবা যদি পাৱাৰটিলাৰখনেৰে মাটি চহোৱাত ব্যস্ত আকৌ কেতিয়াবা হাতত কোৰ লৈ আলি দিছে । লুৰীণজ্যোতি গগৈ যিহেতু ঘৰখনৰ একমাত্ৰ সন্তান আৰু পিতৃৰো বয়স বাঢ়ি গৈছে, সেই গতিকে শেহতীয়াকৈ তেওঁ ব্যস্ত হৈ পৰিছে ঘৰৰ কৃষি পথাৰত ৷  

আজি ন-ভুঁই ৰোৱাৰ দিনটোত কৃষি পথাৰত ব্যস্ত হৈ থকা কেইখনমান ফটো সামাজিক মাধ্যমত উপলব্ধ কৰি তেওঁ লিখিছে, “এই মাটিতেই শ্যামলিমা সৃষ্টিৰ আখৰা ৷ পথাৰখনতেই আমাৰ সপোনবোৰে দুহাত মেলি দিয়ে আকাশলৈ ৷ পথাৰখনেই আমাৰ শিপা, আমাৰ যুগমীয়া পৰিচয়...” লগতে লিখিছে, “তিনিচুকীয়া জিলাৰ লাইপুলি মৰাণকাৰী গাঁৱৰ আমাৰ পথাৰত মাটি চহাই কৃষিকাৰ্যৰ আৰম্ভণি কৰিলো । শাওণৰ পথাৰখন আঘোণত সোণোৱালী হ’ব ৷ এই স্বপ্নই জীপ দি জীপাল কৰি ৰাখে জীৱন ৷”

লগতে পঢ়ক:নিৰ্বাচন প্ৰায় শেষ, এতিয়া খেতিত লগাৰ সময় - Minister Atul Bora On Paddy Field

ন-ভূঁই ৰোৱা বতৰ : পথাৰৰ বোকা-মাটিৰ বুকুত এগোঁজ দুগোঁজকৈ কঠীয়াৰে ভৱিষ্যতৰ আখৰ লিখিছে ৰোৱনীয়ে - Paddy Cultivation

Last Updated : Jul 14, 2024, 11:01 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.