সৰুপথাৰত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ মহিলাৰ - Drive against illicit liquor - DRIVE AGAINST ILLICIT LIQUOR
🎬 Watch Now: Feature Video


Published : Jun 18, 2024, 7:14 AM IST
সৰুপথাৰ, ১৮ জুন : গোলাঘাট জিলাৰ সৰুপথাৰত অবৈধ সুৰাৰ ঘাটিত চলিল স্থানীয় মহিলাৰ অভিযান । ১ নং গন্ধকৰৈ গাঁৱৰ মহিলাসকলে এখন সমিতি গঠন কৰি মাদক দ্ৰব্য বিৰোধী অভিযান আৰম্ভ কৰে । অভিযানত কেইবা লিটাৰ সুৰা নষ্ট কৰি দিয়া হয় । মহিলাসকলৰ অভিযোগ অনুসৰি গাঁওখনত দীৰ্ঘদিন ধৰি সুৰাৰ অবৈধ ঘাটি চলি আছে । বহু লোকৰ ঘৰত বিক্ৰী কৰা হয় সুৰা । এনে পৰিস্থিতিত গাঁওখনৰ পৰিৱেশ বিনষ্ট হৈছে ।
গাঁওখনৰ শৈক্ষিক পৰিৱেশো বিনষ্ট হৈছে বুলি মহিলাসকলে অভিযোগ কৰিছে । অবৈধভাৱে সুৰাৰ ঘাটিবোৰ গঢ়ি উঠাত দিনে নিশাই সুৰাপায়ীৰ অশ্লীল মাত কথা শুনি থাকিবলগীয়া হৈছে একাংশ গাঁওবাসীয়ে । যাৰ বাবে অতিষ্ঠ হৈ মহিলাসকলে এক সমিতি গঠন কৰে আৰু গাঁওখনৰ সুস্থ পৰিৱেশৰ স্বাৰ্থত অবৈধ সুৰাৰ ঘাটিবোৰ ধ্বংস কৰে । আনহাতে সুৰা বিক্ৰী কৰা পৰিয়ালবোৰক পুনৰ এনে কাৰ্যত লিপ্ত নহ'বলৈ মহিলাসকলে সকীয়াইও দিয়ে ।