নগাঁৱৰ মীনপালক সন্থাৰ দম্ভালিক প্ৰত্যাহ্বান সৰুপথাৰৰ স্থানীয় ব্যৱসায়ীৰ - Nagaon Fish controversy

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 2:22 PM IST

thumbnail
নগাঁৱৰ মীনপালক সন্থাৰ দম্ভালিক প্ৰত্যাহ্বান সৰুপথাৰৰ স্থানীয় ব্যৱসায়ীৰ (ETV Bharat Assam)

সৰুপথাৰ, 30 আগষ্ট : শেহতীয়া বহিৰাগত প্ৰসংগক লৈ উত্তাল হৈ আছে ৰাজ্য । আনহাতে, উজনি অসমত কোনো বাংলাদেশী মূলৰ লোকক থাকিব দিয়া নহ'ব বুলি জাতীয় সংগঠনে লোৱা সিদ্ধান্তৰ প্ৰভাৱ পৰিছে মাছৰ ব্যৱসায়ত । শেহতীয়াভাৱে নগাঁৱৰ মীনপালক সন্থাই উজনি অসমলৈ মাছৰ যোগান নধৰাৰ হুংকাৰ দিয়াৰ পিচত ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিন্তু নগাঁও মীনপালক সন্থাক ওলোটাই প্ৰত্যাহ্বান জনাইছে থলুৱা ব্যৱসায়ীয়ে ।

"নগাঁৱৰ মাছ বন্ধ হ'লে বেমাৰ-আজাৰো বন্ধ হ'ব । উজনিলৈ নগাঁৱৰ মাছ অহা বন্ধ হৈছে আমাৰ ভাল হৈছে ।" এই মন্তব্য সৰুপথাৰৰ থলুৱা মাছ ব্যৱসায়ীৰ ।

"উজনিলৈ নগাঁৱৰ মাছ অহা বন্ধ হৈছে, আমাৰ ভাল হৈছে । নহ'লে লোকেল মাছৰ উচিত মূল্য পোৱা নাযায় । ইউৰিয়া প্ৰয়োগ কৰা মাছ অসমীয়াক সুলভ মূল্যত লোকেল মাছ বুলিয়েই বিক্ৰী কৰে ।" সৰুপথাৰত এই মন্তব্য থলুৱা মৎস্য ব্যৱসায়ীৰ । ইফালে সৰুপথাৰত দেখা গৈছে নগাঁৱৰ মীনপালক সন্থাৰ দম্ভালি অসাৰ হৈছে ।

উল্লেখ্য, অসম-নাগালেণ্ড সীমান্তৰ ডিমাপুৰ-খটখটি হৈ নগাঁৱৰ মাছ প্ৰৱেশ কৰে সৰুপথাৰ সাপ্তাহিক বজাৰত । সেই মাছ স্থানীয় মাছ হিচাপে বিক্ৰী কৰি আহিছে ব্যৱসায়ীয়ে ।

লগতে পঢ়ক :মিঞাগীতেৰে ভাবুকি অখ্যাত গায়কৰ: বাধ্যত পৰিহে কৰিলে ডিলিট - Controversial Song
লগতে পঢ়ক :একাংশ লোকৰ পৰোক্ষ উচটনিত উজনিলৈ মাছ ৰপ্তানি নকৰাৰ কথা কৈছিল নগাঁৱৰ মৎস্য ব্যৱসায়ীয়ে ! - Fish Supply Controversy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.