বনৰজাক খেদিবলৈ জংঘলত বন বিভাগৰ লগত ওলাল ৰাইজ - Tiger Scare In Nagaon

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:53 PM IST

thumbnail
ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাস (ETV Bharat Assam)

কলিয়াবৰ, ১১ আগষ্ট: বিগত কিছুদিন ধৰি কলিয়াবৰৰ সোণাৰী আৰু কামাখ্যা গাঁৱত ঢেকীয়াপতীয়া বাঘৰ সন্ত্ৰাসত বিনীদ্ৰ্ৰ ৰজনী কটাইছে ৰাইজে । বাঘৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ বিচাৰি যোৱা শনিবাৰে নিশা বন বিভাগ আৰু সোণাৰী গাঁওবাসীয়ে এই সন্দৰ্ভত এক আলোচনাত মিলিত হয় । এই আলোচনাত বিভাগে বাঘটো পিঞ্জৰাবদ্ধ কৰাৰ এক পৰিকল্পনা গ্ৰহণ কৰে । এই পৰিকল্পনা অনুসৰি বাঘটো সুৰক্ষিত স্থানলৈ খেদি পঠিয়াবৰ বাবে দেওবাৰে বন বিভাগে সোণাৰী গাঁৱৰ পথাৰৰ পাছফালৰ অটব্য অৰণ্যত অভিযান চলায় ।  

কলিয়াবৰৰ সোণাৰী-কামাখ্যা গাঁৱত দিনে-নিশাই সন্ত্ৰাস চলাই থকা ঢেকীয়াপতীয়া বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগে পৰিকল্পনা কৰিছে । যোৱা শনিবাৰে নিশা বনৰজা আৰু বন্যহস্তীৰ সন্ত্ৰাসৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ বন বিভাগৰ সৈতে গঞাৰ জৰুৰী সভাত এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে বন বিষয়াই।

বাঘটোৱে বিশেষভাৱে অহা-যোৱা কৰা স্থানসমূহৰ লগতে পিঞ্জৰা স্থাপন কৰিব পৰা স্থানো নিৰীক্ষণ কৰে বন বিভাগৰ লোকে । ইতিমধ্যে ঢেকীয়াপতীয়া বাঘটোৱে গাঁওখনৰ গো-ধন, ছাগলী নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছে । 

লগতে পঢ়ক:পিঞ্জৰাবদ্ধ কৰিবলৈ উপস্থিত হওতেই ঢেকীয়াপতীয়াৰ আক্ৰমণত আহত বনকৰ্মী - Tiger scare in Nagaon

বানত দিক-বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

শোৱনি কোঠাত সোমাল বনৰজা: উপায়হীন গৃহস্থই এৰিলে ঘৰ - Leopard terror in mariani

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.