যোৰহাটত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী, স্বস্তিৰ নিশ্বাস ৰাইজৰ

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 5:15 PM IST

thumbnail

যোৰহাট, 25 জানুৱাৰী: যোৰহাটত এটা প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ নাহৰফুটুকীটোৱে পশ্চিম যোৰহাটত দীৰ্ঘদিন ধৰি সৃষ্টি কৰিছিল এক আতংকময় পৰিৱেশৰ । পশ্চিম যোৰহাটৰ ঢেকেলীয়া গাঁৱত বৃহস্পতিবাৰে পুৱতি নিশা পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ৷

উল্লেখ্য যে উক্ত অঞ্চলটোত দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে উপদ্ৰৱ চলাই গৰু, ছাগলী, মুৰ্গী আদি পোহনীয়া জীৱ-জন্তু খাই আহিছিল । অৱশেষত নাহৰফুটুকীটোৰ অৱস্থান সম্পৰ্কে স্থানীয় ৰাইজে বন বিভাগক জনাইছিল আৰু নাহৰফুটুকীটোক পিঞ্জৰাবদ্ধ কৰিবৰ বাবে বন বিভাগক আহ্বান জনাইছিল ৷

ইয়াৰ পিচতে অঞ্চলটোত বন বিভাগে এটা পিঞ্জৰা পাতিছিল আৰু বৃহস্পতিবাৰে পুৱতি নিশা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় । নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে । নাহৰফুটুকীটোক বন বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মোকলাই দিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বাঘ খেদিবলৈ গৈ আঘাতপ্ৰাপ্ত দুজন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.