thumbnail

শাওণৰ প্ৰথমটো সোমবাৰে ৰঙিয়া শিৱ মন্দিৰত ভক্তৰ লানি নিছিগা সোঁত - Holy Shravan Month

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 7:17 PM IST

ৰঙিয়া, ২২ জুলাই: আজি শাওণৰ প্ৰথমটো সোমবাৰ । এই উপলক্ষে আজি ৰঙিয়াৰ বিভিন্ন থানৰ লগতে ৰঙিয়া শিৱ মন্দিৰতো অগণন ভক্তই ভিৰ কৰে । মন্দিৰটোত পুৱাৰে পৰাই হাজাৰ হাজাৰ ভক্তৰ লানি নিছিগা সোঁত বয় । ভক্তসকলে মন্দিৰৰ বিগ্ৰহত পূজা-অৰ্চনা কৰি আশিস লয় ।  

ইফালে, কেইবা ঠাইৰ পৰা অহা আয়তীৰ দলসমূহে এই মন্দিৰৰ প্ৰাঙ্গনত নাম প্ৰসংগ কৰি ভক্তিময় পৰিবেশৰ সৃষ্টি কৰে । উল্লেখ্য় যে শাওণক পৱিত্ৰ মাহ ৰূপে পালন কৰি আহিছে হিন্দু ধৰ্মাৱলম্বী লোকসকলে । আজি পৱিত্ৰ মাহটোৰ প্ৰথমটো সোমবাৰ উপলক্ষে দেশ তথা ৰাজ্যৰ শিৱ মন্দিৰ তথা ধামত লাখ লাখ ভক্তই পুৱাৰে পৰাই মহাদেৱৰ আশিস ল'বলৈ ভিৰ কৰে ।

লগতে পঢ়ক:শাওন মাহত কিদৰে শিৱক আৰাধনা কৰিব ? - Astro Tips

শাওন মাহৰ এই বিশেষ দিনত পূৰ্ণ হ’ব আপোনাৰ মনৰ আশা: জানক এই দিনকেইটা কি কি - Shravana Putrada Ekadashi 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.