মেঘালয়ৰ ৰাতাছড়াত পুনৰ ভূমিস্খলন : গুৱাহাটীৰে যোগাযোগ বিচ্ছিন্ন বৰাকৰ - Landslides in Meghalaya

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 8:42 PM IST

thumbnail
মেঘালয়ৰ ৰাতাছড়াত পুনৰ ভূমিস্খলন (ETV BHARAT ASSAM)

শিলচৰ, ১৮ জুন: মেঘালয়ৰ ৰাতাছড়াত পুনৰ আৰম্ভ হৈছে ভূমিস্খলন । বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ ঠায়ে ঠায়ে আৰম্ভ হৈছে ভূমিস্খলন ৷ কোনো কোনো স্থানত পথৰ ওপৰেদি বাগৰিছে পাহাৰৰ পানী । বহিঃৰাজ্যৰ লগত ৰাজ্যখনত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে ৷ বিগত এসপ্তাহত অপৰিবর্তিত হৈ আছে বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ এই অৱস্থা ৷ যাৰ বাবে মেঘালয়ৰ ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ হৈ পৰিছে বহু যান-বাহন ৷

মেঘালয়ৰ পূব জয়ন্তীয়া হিলছ জিলাৰ ৰাতাছড়াত মঙলবাৰৰ পুৱতি নিশা আকৌ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ যাৰ ফলত অঞ্চলটোৰ মাজেৰে বৰ্তমান যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে । ৰাতাছড়াৰ পৰা সোণাপুৰলৈকে এতিয়াও যান-বাহনৰ দীঘল শাৰী পৰিলক্ষিত হৈছে । ৭ দিন ধৰি একেই অৱস্থাত আছে পথছোৱা । আজি পুৱতি নিশা সংঘটিত ভূমিস্খলনৰ ফলত পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে ।

লগতে পঢ়ক: ভূমিস্খলনৰ ফলত বন্ধ হাফলং-শিলচৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ - Landslide in Dima Hasao

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.