ডিগবৈত ৪,৫৮৩ গৰাকীক ভূমি পট্টা প্ৰদান - টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম
🎬 Watch Now: Feature Video


Published : Feb 28, 2024, 9:10 PM IST
তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ ডিগবৈত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম উদ্বোধন কৰাৰ লগতে মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি পট্টা প্ৰদান কৰে । ডিগবৈত মন্ত্ৰী বিমল বড়াই ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম উদ্বোধন কৰাৰ পিচতেই মিছন বসুন্ধৰা ২.০ ৰ অধীনত ৪,৫৮৩ গৰাকীক ভূমি পট্টা প্ৰদান কৰে ।
এই অনুষ্ঠানটোত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, তিনিচুকীয়া সমষ্টিৰ বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াৰ লগতে তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি । ইপিনে,যুগ-যুগ ধৰি ভূমি পট্টা বিচাৰি হাবাথুৰি খাই অহা পৰিয়ালসমূহে আজি ভূমিৰ পট্টা লাভ কৰি আনন্দিত হৈ পৰে ৷