thumbnail

'কা' প্ৰত্যাহাৰৰ দাবীত ধেমাজিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 9:29 PM IST

ধেমাজি, ১৫ মাৰ্চ: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন (কা) প্ৰত্যাহাৰ কৰাৰ দাবীত জয়ৰামপুৰত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । শুকুৰবাৰে দিনৰ দুই বজাত জয়ৰামপুৰত চাৰিআলিত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' প্ৰত্যাহাৰ কৰাৰ দাবীত ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী সমদল উলিয়াই । প্ৰতিবাদকাৰীসকলে কোনো কাৰণতেই অসমীয়া ভাষা-সংস্কৃতিৰ ধ্বংস কৰিব পৰা 'কা' আইন মানি নোলোৱাৰ হুংকাৰ দিয়ে ।  

আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিদ্বয় ভৱেন শালৈ আৰু ভৱেশ পেগুৰ লগতে সম্পাদক দূৰ্গা বড়া, সহকাৰী সম্পাদক ৰাজু ভাজনী, বৰদলনি আঞ্চলিকৰ সহকাৰী সম্পাদক অখিল সিং আৰু জয়ৰামপুৰ অঞ্চলৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অদ্ধ শতাধিক নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক:ৰাজ্য উত্তাল ‘কা’বিৰোধীৰ প্ৰতিবাদত: ভিন্ন ঠাইত আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.