গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ - Protest against smart meters

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 1:54 PM IST

thumbnail
গৌৰীসাগৰত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ (ETV Bharat Assam)

আমগুৰি, 5 আগষ্ট : বিদুৎ বিভাগৰ বিৰুদ্ধে সোমবাৰে ৰাজপথলৈ ওলাই আহিল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷ স্মাৰ্ট মিটাৰ আৰু বৰ্দ্ধিত বিদ্যুৎ মাছুলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বিদ্যুৎ উপ-সংমণ্ডলৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

স্মাৰ্ট মিটাৰ বহুৱাই বিদ্যুৎ মাছুল বৃদ্ধিৰে সৰ্বসাধাৰণৰ ওপৰত মাধমাৰ সোধাইছে বুলি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে প্ৰতিবাদকাৰী ৰাইজে । ইয়াৰ লগতে শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাক বিভাগৰ দায়িত্ব প্ৰদান কৰি সমগ্ৰ বিভাগটোৰ কাম-কাজ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইহে কৰি আছে সমিতিয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়  ।

শীঘ্ৰেই বিদ্যুৎ মাছুল হ্ৰাস আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবী তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

লগতে পঢ়ক: তলাবন্ধ গেটৰ ওপৰেদি বগাই গৃহস্থ নথকা অৱস্থাতে স্মাৰ্ট মিটাৰ সংযোগ বিদ্যুৎ বিভাগৰ - APDCL SMART METERS

বিদ্যুৎ যোগান নথকাকৈয়েই কাটিছে মাচুল: ক্ষোভিত সোণাৰিৰ উপভোক্তা - Charaideo Electrical Sub Division

Protest against electricity bills:মৰিয়নিত প্ৰি প্ৰেইড স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.