জনসাধাৰণৰ বাবেহে ক্ষমতাত আছো : প্ৰাৰ্থিত্ব লাভ কৰি প্ৰতিক্ৰিয়া কামাখ্যা প্ৰসাদ তাছাৰ

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:19 PM IST

thumbnail

যোৰহাট, 2 মাৰ্চ : সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ পিচত নৱ গঠিত কাজিৰঙা লোকসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷ প্ৰাৰ্থিত্ব লাভ কৰিয়ে বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক কৃতজ্ঞতা জ্ঞাপন কৰে ৷  

নিজৰ জীৱনটো জনসাধাৰণৰ বাবে উৰ্চগা কৰা হৈছে বুলি কৈ তেওঁ তৃতীয়বাৰ বাবে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব আৰু এই দলটোত তেওঁক অন্তৰ্ভূক্ত কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বক ধন্যবাদ জনায় ৷ কামাখ্যা প্ৰসাদ তাছাই কয় যে, প্ৰায় বিশ লাখৰো অধিক ভোটাৰ থকা কাজিৰঙা লোকসভা সমষ্টিটোৰ জনসাধাৰণে তেওঁৰ ওপৰত আস্থা ৰাখিব ৷ তেওঁৰ ওপৰত দিয়া দায়িত্ব সুচাৰুৰূপে পালন কৰিব বুলি কৈ জনসাধাৰণৰ সমস্যা সমূহ যথাস্থানত উপস্থাপন কৰি  সমাধান কৰিব বুলি মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে ৷

তেওঁ কয় যে, কোনো শক্তিয়ে বিজেপিক প্ৰত্যাহ্বান জনাব নোৱাৰে ৷ কাৰণ জনসাধাৰণৰ বিজেপিৰ লগত আছে ৷ লগতে তেওঁ কয় যে, কংগ্ৰেছ আজি তাৰিখত কাৰ্যতঃ নাই, দল হিচাপেহে কংগ্ৰেছ থাকিব ৷ জনসাধাৰণক বিজেপি চৰকাৰে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিছ ৷ সেয়েহে বিজেপিৰ বাবে আজি তাৰিখত কোনো প্ৰত্যাহ্বান নাই ৷ লগতে জনসাধাৰণৰ বাবেহে ক্ষমতাত আছো বুলি উল্লেখ কৰে কামাখ্যা প্ৰসাদ তাছাই ৷  

লগতে পঢ়ক : বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা : অসমৰ ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.