thumbnail

মন্দিৰৰ জমা ধনেৰে বানাক্ৰান্তক প্ৰদান কৰিলে সাহাৰ্য - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 5:41 PM IST

ধুবুৰী, ৮ জুলাই: ধুবুৰীত ৰাইজৰ সহায়ত বানাক্ৰান্তক সাহাৰ্য প্ৰদান কৰিলে কালিবাড়ী মন্দিৰ পৰিচালনা সমিতিয়ে । ধুবুৰী কালিবাড়ী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত সোমবাৰে প্ৰায় ছয়শ বানাক্ৰান্তক বান সাহাৰ্য প্ৰদান কৰা হয় । মন্দিৰৰ জমা ধনেৰে চিৰা, মুড়ি, গুৰ, গাখীৰ, বিস্কুট, বিশুদ্ধ খোৱাপানী আদি সামগ্ৰী দুখীয়া তথা পানীৰ মাজত ককবকাই থকা লোকসকলক বিতৰণ কৰে । প্ৰতি বছৰে কালিবাড়ী মন্দিৰৰ উদ্যোগত আৰু ৰাইজৰ সহায়ত বানাক্ৰান্ত লোকক এইদৰে সহায়ৰ হাত আগবঢ়াই অহা হৈছে ।

আহাৰমহীয়া বানে ধুবুৰী চহৰ বুৰাই পেলোৱাত বহু লোকে ঘৰ এৰি সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হয় । অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা বিভিন্ন বিদ্যালয়ত শিবিৰ স্থাপন কৰা হৈছে । চৰকাৰৰ উপৰি ৰাইজে এনেদৰে বন্যাৰ্তক সহায় কৰিলে বানাক্ৰান্তই সাহস পাব বুলি মন্তব্য় কৰিছে কালিবাড়ী মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক:টুলুঙা নাৱত উঠি বান-গৰাখহনীয়া অঞ্চল পৰিদৰ্শন সাংসদ ফণীভূষণ চৌধুৰীৰ - Assam Flood 2024

বানবিধ্বস্ত অসমৰ হৈ দিল্লীত মাত মাতিব কোনে ? ৰাহুল গান্ধীয়েই এতিয়া ভৰসা অসম প্ৰদেশ কংগ্ৰেছৰ... - RAHUL GANDHI NE VISIT

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.