পূব মণ্ডল যুৱ মহোৎসৱ উমংগত তবলা-পশ্চিমীয়া বাদ্য বাদন প্ৰতিযোগিতাত উজ্জ্বলিল পঞ্চম ভৌমিক

By ETV Bharat Assamese Team

Published : Feb 25, 2024, 12:52 PM IST

thumbnail

চিটাৰা ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ওড়িশাৰ ব্ৰহ্মপুত্ৰ বিশ্ববিদ্যালয়ত আয়োজন কৰা হয় ৩৭ সংখ্যক আন্তঃবিশ্ববিদ্যালয় পূব মণ্ডল যুৱ মহোৎসৱ ‘উমংগ’ ৷ এই মহোৎসৱত কলিকতাৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়, শান্তি নিকেতনৰ হৈ অংশগ্ৰহণ কৰে কলিয়াবৰৰ পঞ্চম ভৌমিকে ৷ মহোৎসৱতে পঞ্চম ভৌমিকে একক তবলা বাদন আৰু একক পশ্চিমীয়া বাদ্য বাদনত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় ।

পঞ্চমে সংগীত শাখাৰ আন কেইবাটাও প্ৰতিযোগিতাত তবলা সংগত কৰা বিশ্বভাৰতীয়ে সংগীত শাখাত শ্ৰেষ্ঠ বুলি বিবেচিত হয় । যোৱা ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে ওড়িশাৰ ব্ৰহ্মপুত্ৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই যুৱ মহোৎসৱত পূব মণ্ডলৰ ষোল্লখন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছিল । বিশ্বভাৰতী বিশ্ববিদ্যালয়ে ৩৭ সংখ্যক আন্তঃবিশ্ববিদ্যালয় পূব মণ্ডল যুৱ মহোৎসৱ ‘উমংগ’ত সামগ্ৰীকভাৱে শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হয় ।

বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ সংগীত বিভাগৰ তবলা বিষয়ৰ স্নাতক শাখাত অধ্যয়নৰত পঞ্চম ভৌমিক কলিয়াবৰৰ এক ব্যৱসায়ী পৰিয়ালত জন্মগ্ৰহণ কৰে ৷ যদিও ছাত্ৰাৱস্থাত ভৌমিকৰ পিতৃ প্ৰশান্ত ভৌমিক এগৰাকী তবলা বাদক হোৱাৰ লগতে মাতৃ যমুনা ভৌমিক এগৰাকী প্ৰতিভাৱান গায়িকা আছিল । পঞ্চমে গায়ক ৰূপেও ইতিমধ্যে চিনাকি দিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: জনপ্ৰিয় কণ্ঠশিল্পী তৰালি শৰ্মাৰ নতুন গীত ‘উপমাৰ সিপাৰে’

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.