নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰমানন্দ ৰাজবংশীক প্ৰত্যাহ্বান জয়নাথ শৰ্মাৰ - AGP Leader Joynath Sarma

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 3:11 PM IST

thumbnail
অগপ নেতা ড৹ জয়নাথ শৰ্মা (ETV Bharat Assam)

মঙলদৈ, ১৩ আগষ্ট : ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশীক প্ৰত্যাহ্বান মিত্ৰদল অগপৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ড৹ জয়নাথ শৰ্মাৰ । কিছুদিন পূৰ্বে ছিপাঝাৰৰ বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীয়ে অগপ নেতা তথা প্ৰাক্তন মন্ত্ৰী ড৹ জয়নাথ শৰ্মাক 'জাবৰ' বুলি কৰা মন্তব্য়ত শৰ্মাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়," পৰমানন্দ ৰাজবংশী আৰু মই নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে জাবৰ কোন সেয়া ৰাইজে প্ৰমাণ কৰিব ।"    

উল্লেখ্য় যে এসময়ৰ অগপৰ দুৰ্গৰূপে পৰিচিত ছিপাঝাৰ সমষ্টিটোত অসম গণ পৰিষদৰ বৰ্তমানৰ স্থিতি নাই বুলিও পৰমানন্দ ৰাজবংশীয়ে মন্তব্য় কৰাৰ পিছতেই সৰৱ হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী ড৹ জয়নাথ শৰ্মা । ড৹ জয়নাথ শৰ্মাই বিজেপি দল এৰি নিৰ্দলীয়ভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰমানন্দ ৰাজবংশীক প্ৰত্য়াহ্বান জনায় ।  

ইপিনে, সমাগত পঞ্চায়ত নিৰ্বাচনত অগপই অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি উল্লেখ কৰি ইতিমধ্যে পঞ্চায়ত নিৰ্বাচনৰ ৰণৰ বাবে আঞ্চলিক দলটো সাজু বুলি মন্তব্য় কৰে অগপৰ জ্য়েষ্ঠ নেতাগৰাকীয়ে । ছিপাঝাৰত ঘোৰাবন্ধাৰ লুমিনাচ ইউনিটত অনুষ্ঠিত অগপ দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনত প্ৰাক্তন মন্ত্ৰী তথা ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মাৰ লগতে দলটোৰ দৰং জিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱা, কেন্দ্ৰীয় কাৰ্যনিবাহক ৰমেশ ডেকা, ছিপাঝাৰ সমষ্টি সমিতিৰ সভাপতি দুলাল ডেকা উপস্থিত থাকে ।  

লগতে পঢ়ক:অগপই কিয় অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে ? - AGP Extended Executive Meeting

অগপৰ উপ-নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা: বুথ সন্মিলনৰ লগতে দলীয় কৰ্মশালাৰ আয়োজন - AGP on By election

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.