ট্ৰেডিঙৰ ক্ষেত্ৰত সাৱধান হওক : ৰাইজলৈ আহ্বান সাংসদ গৌৰৱ গগৈৰ - Jorhat MP Gaurav Gogoi

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 10:36 AM IST

thumbnail
ৰাইজলৈ বিশেষ আহ্বান সাংসদ গৌৰৱ গগৈৰ (ETV Bharat Assam)

আমগুৰি, ৫ ছেপ্টেম্বৰ : "অসমৰ ৰাইজ ট্ৰেডিঙৰ ক্ষেত্ৰত সাৱধান হওক । সহজতে ধন ঘটাৰ লোভত অসমীয়া ৰাইজ প্ৰৱঞ্চিত হৈছে । অনলাইন ট্ৰেডিঙৰ জৰিয়তে প্ৰৱঞ্চনা কৰা ব্যক্তিৰ বিৰুদ্ধে অধিক কঠোৰ হ'বলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ আহ্বান জনালো ।" শেহতীয়াভাৱে অনলাইন ট্ৰেডিঙৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ বহুকেইটা ঘটনা পোহৰলৈ অহাৰ পিচত ৰাইজলৈ এই আহ্বান সাংসদ গৌৰৱ গগৈৰ ।

শিৱসাগৰত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাটৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়ে লগতে কয়, "আইনৰ সুৰুঙাৰে যাতে অপৰাধী সাৰি যাব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে নিখুঁত তদন্তৰ জৰিয়তে আদালতত সাক্ষ্য-প্ৰমাণ দাঙি ধৰক ।"

আনহাতে, দেশৰ বহুকেইটা সমষ্টিত অনুষ্ঠিত হ'বলগা উপ-নিৰ্বাচন সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, "ৰাইজ পুনৰ কংগ্ৰেছমুখী হৈছে । ৰাহুল গান্ধী ডাঙৰীয়াই ৰাইজৰ আস্থাভাজন হৈছে । আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দল শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব ।"

ৰাহুল গান্ধীৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পোৱা বুলি মন্তব্য কৰি লোকসভাত বিৰোধী উপ-দলপতিগৰাকীয়ে কয়, "কংগ্ৰেছ দলে ভাল ফলাফল লাভ কৰিব । চৰকাৰৰ বিভাজনৰ ৰাজনীতি এতিয়া ৰাইজে বুজি পোৱা হৈছে । বিভাজনৰ ৰাজনীতিত ব্যস্ত থকা আৰু নিজৰ নামত মাটি-সম্পত্তি আৰু চাহ বাগিচা বৃদ্ধি কৰাতকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰে বাকী থকা ডেৰ বছৰত ৰাইজৰ উন্নতিৰ বাবে কাম কৰক ।"

লগতে পঢ়ক :প্ৰৱঞ্চনাৰ গোচৰত অভিযুক্ত বিশাল ফুকনৰ সকলো সম্পত্তি জব্দ কৰাৰ সম্ভাৱনা - Bishal Phukan Trading Scam
লগতে পঢ়ক :বিত্তীয় সাক্ষৰতা কি ? ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ? - WHAT IS ONLINE TRADING

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.