অৰুণাচল প্ৰদেশৰ নিকলগ নদীত সন্ধানহীন জোনাইৰ কৰ্ণ - Student missing

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:39 AM IST

thumbnail
অৰুণাচল প্ৰদেশৰ নিকলগ নদীত সন্ধানহীন জোনাইৰ কৰ্ণ (ETV Bharat Assam)

জোনাই, 1 আগষ্ট : অৰুণাচল প্ৰদেশৰ নিকলগ নদীত অঘটন ৷ উৎকট গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বুধবাৰে বিয়লি অৰুণাচল প্ৰদেশৰ নিকলগ নদীত বন্ধুৰ সৈতে গা-ধুবলৈ গৈছিল জোনাইৰ এজন ছাত্ৰ ৷ বন্ধুৰ সৈতে নৈত গা ধুই থকাৰ সময়তে সন্ধানহীন হয় যুৱকজন ৷ সন্ধানহীন যুৱকজন জোনাইৰ বজাৰৰ নিবাসী কুকিল হাজঙৰ পুত্ৰ কৰ্ণ হাজং বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত নৈৰ বুকুত কৰ্ণ নিখোজ হোৱা বুলি জানিব পাৰি তেওঁৰ সকলো বন্ধুৱে বিচাৰ খোচাৰ কৰে যদিও কোনো সম্ভেদ উলিয়াবলৈ সক্ষম নহ'ল । ইফালে ঘটনা সন্দৰ্ভত ৰুকচিন আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে অভিযান ৷ কিন্তু বাতৰি যুগুত কৰা পৰলৈকে সন্ধানহীন কৰ্ণ হাজঙৰ কোনো খবৰ লাভ কৰা নাই ৷ নদীৰ কোবাল সোঁতত কৰ্ণ উঠি যোৱাৰ সন্দেহ কৰিছে তেওঁৰ আত্মীয়ই ৷

লগতে পঢ়ক : বৰপথাৰ টেঙানীৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰী, শোকত ভাঙি পৰিছে মাতৃ - Two students missing in Golaghat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.