যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰতিনিয়ত সাজু SDRF, NDRF - Mock drill of SDRF and NDRF - MOCK DRILL OF SDRF AND NDRF

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 7:32 AM IST

যোৰহাট,১ ছেপ্টেম্বৰ: ব্ৰহ্মপুত্ৰ বুকুৱেদি নিতৌ চলাচল কৰা জাহাজ তথা ফেৰীৰে নিমাতী আৰু মাজুলীলৈ দৈনিক পাৰাপাৰ হয় শ শ যাত্ৰী । ইয়াৰ মাজতেই কেতিয়াবা সংঘটিত হয় দুৰ্ঘটনা । এই দুৰ্ঘটনাসমূহ সংঘটিত হ'লে যাত্ৰীসকলক কিদৰে উদ্ধাৰ কৰি তৎক্ষণাত প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰিব পাৰি তাৰ বাবে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত মাজুলী-যোৰহাটৰ সংযোগস্থল নিমাতীঘাটত ব্ৰহ্মপুত্ৰৰ বুকত SDRF আৰুNDRF শনিবাৰে যৌথভাৱে চলালে অনুশীলন । ব্ৰহ্মপুত্ৰ বুকুত আৰম্ভ কৰা সুৰক্ষাজনিত অনুশীলনত অংশ গ্ৰহণ কৰে NDRF প্ৰথম বেটেলিয়ানৰ তিনটা দল আৰু যোৰহাট জিলাত কৰ্মৰত হৈ থকা SDRF দলে ।

প্ৰায় দুঘন্টাৰো অধিক সময় এই মকড্ৰিল কাৰ্যসূচীত স্বাস্থ্য বিভাগৰ এটি দলেও অংশগ্ৰহণ কৰে । আনহাতে মকড্ৰিল কাৰ্যসূচীত উপস্থিত থাকি জিলা আয়ুক্ত পুলক মহন্তই কয় যে এই অনুশীলনে সকলো স্তৰৰ লোকক উপকৃত কৰি তুলিব । নিমাতী ঘাটত যোৰহাট ৰ SDRF এটা দল ২৪ঘন্টাই সাজু হৈ থাকে আৰু বিভিন্ন কাৰ্য তেওঁলোকে সফলতাৰে কাৰ্য সমাপণ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে ।

লগতে পঢ়ক: বৰপেটা বি টি কলেজত অগ্নি নিৰ্বাপনৰ মকড্ৰিল

চানডুবিৰ পাৰত দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ! ৰহস্য কি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.