হিন্দুসকলৰ সুৰক্ষাৰ বাবে হিন্দু টাক্স ফ’ৰ্চ গঠন কৰক: জনাৰ্দন দেৱ গোস্বামী - Bangladesh Violence

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 7:30 PM IST

thumbnail
বাংলাদেশত নিৰ্যাতিত হিন্দু সকলৰ সুৰক্ষাৰ দাবী জনাৰ্দন দেৱ গোস্বামীৰ (ETV Bharat Assam)

মাজুলী, 11 আগষ্ট : বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ অধ্যক্ষ জনাৰ্দন দেৱ গোস্বামীয়ে ৷ অধ্যক্ষ গৰাকীয়ে কয় যে, বাংলাদেশত হিন্দুৰ ওপৰত যি আক্ৰমণ হৈছে সেইয়া অতি চিন্তনীয় ৷ এই আক্ৰমণক কঠোৰ হাতেৰে দমন কৰিব লাগে ৷

ইফালে ভাৰত-বাংলা সীমান্তত আশ্ৰয় শিবিৰ স্থাপন কৰি বাংলাদেশত নিৰ্যাতিত হিন্দুসকলৰ সুৰক্ষাৰ দাবী জনালে তেওঁ ৷ লগতে হিন্দু ৰাষ্ট্ৰ দাবী সমিতিৰ অধ্যক্ষ জনাৰ্দন দেৱ গোস্বামীয়ে ভাৰতত হিন্দু টাক্স ফ’ৰ্চ গঠন কৰি হিন্দুক সুৰক্ষিত কৰাৰ দাবী জনায়, নহ’লে বাংলাদেশৰ দৰে পৰিৱেশ ইয়াতো হ’ব বুলি কয় তেওঁ ৷  

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ হিন্দুক সংস্থাপন ভাৰতত দিব নোৱাৰি বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ ৷ হিন্দু ৰাষ্ট্ৰ সুৰক্ষা সমিতিৰ অধ্যক্ষ গৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মা কেন্দ্ৰীয় চৰকাৰৰ কথা মতে মুখ বন্ধ কৰিছে ৷ এনে কৰা উচিত নহয় ৷ হিন্দু সকলক সুৰক্ষা দিয়াতো প্ৰতি গৰাকী হিন্দুৰ দায়িত্ব ৷

লগতে পঢ়ক : ধাৰণা কৰা ধৰণে বাংলাদেশত হিন্দুসকল অসুৰক্ষিত নহয় : গোবিন্দ চন্দ্ৰ প্ৰামাণিক - Bangladesh Crisis

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.