নাবাৰ্ডৰ উদ্যোগত বৰপেটা জিলা পুথিভঁড়ালত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

🎬 Watch Now: Feature Video

thumbnail

বৰপেটা, 6 মাৰ্চ : নাবাৰ্ডৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰপেটাত উদযাপন কৰা হৈছে আন্তঃৰ্জাতিক নাৰী দিৱস ৷ এই উপলক্ষে সজাগতা সভা, নাবাৰ্ডৰ সাহাৰ্যত মহিলাৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে ৷ বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচী মুকলি কৰে বৰপেটাৰ জিলা গ্ৰন্থাগাৰিক জয়া চৌধুৰীয়ে ৷

ইয়াৰ পাচতে উদ্যোগীকৰণৰ প্ৰতি মহিলা সকলক সজাগ কৰা উদেশ্যৰে এখন সভা অনুষ্ঠিত হয় ৷ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা বিনীতা দেব চৌধুৰী আৰু হাজোৰ সুৰেণ দাস মহাবিদ্যালয়ৰ প্ৰৱক্তা ড৹ সংগীতা মেধি ৷ তেওঁলোকে ভাষণত আন্তৰ্জাতিক নাৰী দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে মহিলাসকলে ঘৰতে উদ্যোগ স্থাপন কৰি কেনেকৈ আত্মনিৰ্ভৰ হোৱাৰ বাট মোকলাব পাৰে সেই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় ৷ এই আয়োজন সন্দৰ্ভত নাবাৰ্ডৰ বৰপেটা জিলাৰ উন্নয়ন প্ৰৱন্ধক অংকিতা মধুকল্যই কয় যে, নাবাৰ্ডে মহিলাসকলক আত্মনিৰ্ভৰ হ’ব পৰাকৈ বিভিন্ন ধৰণে সহযোগিতা কৰি আহিছে ৷ ইয়াৰ লগত সংগতি ৰাখি আন্তৰ্জাতিক মহিলা দিৱস উদযাপন কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.