মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খুৱালে গেলা কণী : তাৰ পিচত হাহাকাৰ - MID DAY MEAL SCAM

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:57 PM IST

thumbnail
মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীক খোৱালে গেলা কণী... তাৰ পিচত হাহাকাৰ (ETV BHARAT ASSAM)

আমগুৰি, ১৩ জুন : ৰাজ্যৰ সমাজ কল্যাণ বিভাগে বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনিৰ যোগেদি শিশুক পুষ্টিকৰ আহাৰৰ যোগান ধৰাৰ সময়তে আমগুৰিত এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক গেলা কণী খুওৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বৃহস্পতিবাৰে আমগুৰি শিক্ষাখণ্ডৰ অধীনস্থ হালোৱাটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনত কণী খাবলৈ দিছিল । কিন্তু ছাত্ৰ-ছাত্ৰীয়ে কণী খোৱাৰ পিচতে কণীকেইটা গেলা বুলি ওলাই পৰে ৷ ফলত বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ছাত্ৰ-ছাত্ৰীক গেলা কণী খুওৱাক লৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ লগতে অভিভাৱকসকলে বিদ্যালয়ৰ প্ৰধান শিক্ষকক জবাবদিহি কৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে ক্ষোভিত হৈ উঠে অভিভাৱকসকল । গেলা কণী খোৱাৰ পিচতে একাংশ ছাত্ৰ-ছাত্ৰীৰ শৌচ,বমি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ উত্তেজিত লোকসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীক নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: শিক্ষাৰ্থীৰ মুখৰ ভাত কাঢ়ি খোৱাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে - mid day meal SCHEME

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.