লখিমপুৰত ভাৰত ত্যাগ আন্দোলন ৰোমন্থন কংগ্ৰেছৰ - Quit India Movement

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 5:37 PM IST

thumbnail
লখিমপুৰত ভাৰত ত্যাগ আন্দোলন ৰোমন্থন কংগ্ৰেছৰ (ETV Bharat)

লখিমপুৰ,৯ আগষ্ট : কংগ্ৰেছ দলে শুকুৰবাৰে ভাৰত ত্যাগ আন্দোলন ৰোমন্থন শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়তো এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত ৰাজীব ভৱনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই অনুষ্ঠান পৰিচালনা কৰে জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্ৰ বৰাই ।

অনুষ্ঠানত উপস্থিত থাকে উপ-সভাপতি বাহাৰুল ইছলাম, প্ৰাক্তন সভাপতি কণনাথ ফুকন, উপ-সভাপতি ফাইজুৰ ৰহমানসহ বহুকেইগৰাকী দলীয় নেতা আৰু কৰ্মী । অনুষ্ঠানত বিভিন্নজনে ভাৰত ত্যাগ আন্দোলনৰ গৌৰৱোজ্জ্বল অধ্যায় ৰোমন্থন কৰে । ভাৰত ত্যাগ আন্দোলনৰ পৰৱৰ্তী সময়ৰ বিশ্ব ৰাজনীতি, ৰাষ্ট্ৰসংঘৰ ভূমিকা আদি বিষয়সমূহো এই অনুষ্ঠানত উল্লেখ কৰা হয় । অনুষ্ঠানত জিলা কংগ্ৰেছৰ সভাপতি গগন চন্দ্র বৰাই ভাৰত ত্যাগ আন্দোলন আৰু কংগ্রেছ দলৰ ত্যাগ, দেশপ্রেম আদি বিষয়সমূহ উল্লেখ কৰে ।

লগতে পঢ়ক :স্মাৰ্ট মিটাৰ স্থাপন কৰি লুণ্ঠন চলাইছে বিদ্যুৎ বিভাগে: প্ৰতিবাদকাৰী - Protest against smart meters

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.