thumbnail

By ETV Bharat Assamese Team

Published : May 3, 2024, 4:20 PM IST

ETV Bharat / Videos

হোজাইবাসী সাৱধান ! বতৰ বিজ্ঞান কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ আগজাননী - weather alert

হোজাই, 3 এপ্ৰিল : শেহতীয়াকৈ গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ আগতীয়া সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে হোজাই জিলা আয়ুক্ত লাচিত কুমাৰ দাসে হোজাই জিলাবাসীৰ বাবে গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি কৰে । এই সম্পৰ্কে আয়ুক্তগৰাকীয়ে জানিবলৈ দি কয় যে, হোজাই জিলাত 3, 4 আৰু 5 মে'লৈকে প্ৰবল ধুমুহা-বতাহ হোৱাৰ সম্ভাৱনা আছে । সেয়েহে প্রয়োজন নহ'লে অযথা ভ্ৰমণৰ পৰা বিৰত থাকক ৷ লগতে জিলা আয়ুক্তগৰাকীয়ে জৰুৰীকালীন অৱস্থাৰ বাবে মুকলি কৰে টোল ফ্ৰী নম্বৰ ৷

শেহতীয়াকৈ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীয়ে ৰাজ্যত পুনৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল ৷ বতৰ বিজ্ঞানীয়ে জনোৱা অনুসৰি, ৰাজ্যৰ কিছু কিছু অঞ্চলত আগন্তুক 5 মে’লৈ ধুমুহা-বতাহ অহাৰ সম্ভাৱনা আছে । সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ধুমুহা অহাৰ লগতে বৰষুণৰ প্ৰভাৱ পৰিব । 

লগতে পঢ়ক : ৰাজ্যৰ কিছু কিছু অঞ্চলত আগন্তুক পাঁচ দিনলৈ ধুমুহা-বতাহৰ সম্ভৱনা - WEATHER FORECAST FOR ASSAM

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.