thumbnail

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:17 PM IST

ETV Bharat / Videos

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত জব্দ অবৈধ সুৰাভৰ্তি ট্ৰাক - Liquor seized in Merapani

গোলাঘাট, 23 জুন : গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰে নাগালেণ্ডলৈ অব্যাহত আছে অবৈধ বিলাতী সুৰাৰ সৰবৰাহ । আৰক্ষী আৰু আবকাৰী বিভাগৰ চকুত ধূলি দি এটা শক্তিশালী চক্ৰই নিতৌ নাগালেণ্ডলৈ ট্ৰাকে ট্ৰাকে অবৈধ বিলাতী সুৰা সৰৱৰাহ কৰি আহিছে ।

শনিবাৰে মেৰাপানীৰ মজগুৰিত এনে অবৈধ সুৰাভৰ্তি AS 01QC 9630 নম্বৰৰ এখন ট্ৰাক আৰক্ষীয়ে জব্দ কৰে আৰক্ষীয়ে । গুৱাহাটীৰ পৰা মেৰাপানী সীমান্তৰে নাগালেণ্ডলৈ গোপনে সৰবৰাহৰ চেষ্টা চলাওঁতেই আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ।

উক্ত ট্ৰাকখনৰ চালকজনে উল্লেখ কৰা মতে, কামৰূপ জিলাৰ মালিগাঁৱৰ পৰা ট্ৰাকখনত কঢ়িয়াই অনা হৈছিল অবৈধ সুৰাখিনি । 1500 কাৰ্টন অবৈধ সুৰাখিনি নাগালেণ্ডলৈ কি পৰিস্থিতিত প্ৰেৰণ কৰা হৈছিল তাকলৈও এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ।

ইফালে, মেৰাপানী সীমান্তত অবৈধ সুৰাৰ সাম্ৰাজ্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আবকাৰী বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Liquor seized at Rangia: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

Illegal Spurious Liquor : কাৰ্টনে কাৰ্টনে বিলাতী সুৰা জব্দ আৰক্ষীৰ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.