কিমান দৰত বহিঃৰাজ্যত বিক্ৰী হয় অসমৰ যুৱতী ? - যোগীঘোপা আৰক্ষী
🎬 Watch Now: Feature Video


Published : Feb 27, 2024, 6:59 AM IST
বঙাইগাঁও, 27 ফেব্ৰুৱাৰী : বঙাইগাঁও জিলাৰ সক্ৰিয় হৈছে নাৰীসৰবৰাকাৰী চক্ৰ ৷ আৰক্ষীৰ অভিযানত দুই মহিলা সহ এটা সৰবৰাহকাৰী আটক ৷ সোমবাৰে নিশাৰ ভাগত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত জিআৰপি আৰু যোগীঘোপা আৰক্ষীৰ তৎপৰতা কথমপি ৰক্ষা পৰে দুগৰাকী মহিলা ।
দুয়োগৰাকী মহিলাক জহিৰুদ্দিন পোদ্দাৰ নামৰ এজন ব্যক্তিয়ে হাৰিয়ানালৈ লৈ যোৱাৰ বাবে বঙাইগাঁও ৰে’লৱে ষ্টেচনলৈ লৈ আহিছিল ৷ এই খবৰৰ ভিত্তিত নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত জিআৰপি আৰু যোগীঘোপা আৰক্ষীয়ে তৎপৰতাৰে লোৱা পদক্ষেপত মহিলা দুগৰাকী কথমপি ৰক্ষা পৰে ৷
জানিব পৰা মতে, জহিৰুদ্দিনে পূৰ্বেই বিক্ৰী কৰা এগৰাকী যুৱতীক ঘূৰাই অনাৰ চলেৰে মহিলা দুগৰাকীক হাৰিয়ানালৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।পিছে নিউ বঙাইগাওঁ জিআৰপি আৰু যোগীঘোপা আৰক্ষীৰ তৎপৰতা মহিলা দুই গৰাকীক সুকলমে উদ্ধাৰ কৰাৰ লগতে জহিৰুদ্দিনক আটক কৰিবলৈ সক্ষম হয় ।
জহিৰুদ্দিনে জানিবলৈ দিয়ামতে কোনো ৰহিম নামৰ লোকে বহিঃৰাজ্যত বিক্ৰী কৰিছিল দুয়োগৰাকী যুৱতীক ৷ ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক: হাফলং শ্মশানত সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন সেনা জোৱান কমল যোশীৰ