thumbnail

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 7:44 PM IST

ETV Bharat / Videos

শ্ৰেণীকোঠা-কাৰ্যালয় সকলো পানীৰ তলত : হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভাৱনীয় পৰিৱেশ - ASSAM FLOOD 2024

বৰপেটা, ১৮ জুন: কৃত্ৰিম বানৰ কৱলত হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয় । সম্প্ৰতি বিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ ডেস্ক-বেঞ্চ, কাৰ্যালয়ৰ চকী-মেজ সকলো আছে কৃত্ৰিম বানৰ তলত । ফলত সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে বিদ্যালয়খনৰ পাঠদান ৷ ইফালে বুধবাৰৰ পৰা বিদ্যালয়খনত অনুষ্ঠিত হ’বলগীয়া আছিল পৰীক্ষা । সেই পৰীক্ষা ইতিমধ্যে বাতিল কৰা হৈছে বানৰ পৰিপ্ৰেক্ষিতত ৷

উল্লেখ্য যে ৮৫ বছৰ গৰকিলে হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ স্বাধীনতাৰ পূৰ্বেই অৰ্থাৎ ১৯৩৯ চনতেই স্থাপিত বিদ্যালয়খন অচল হৈ পৰিছে কৃত্ৰিম বানৰ ফলত । শ্ৰেণীকোঠা, শিক্ষকৰ জিৰণি কোঠাত একাঠু পৰ্যন্ত পানী ৷ তথাপি এইক্ষেত্ৰত শিক্ষা বিভাগ, হাউলী পৌৰসভাই গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ দাবী জনাইছে বিদ্যালখনৰ শিক্ষক-কৰ্মচাৰীসকলে ।

লগতে পঢ়ক: গহপুৰত আকস্মিক বান, ছত্ৰং নৈয়ে উটুৱাই নিলে দলং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.