হিন্দুৰ সুৰক্ষা বিচাৰি বৰপেটাত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ - Hindu Jagran Manch

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 10:01 PM IST

thumbnail
হিন্দুৰ সুৰক্ষা বিচাৰি বৰপেটাত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ (ETV Bharat Assam)

বৰপেটা, ২৩ আগষ্ট: বৰপেটাত হিন্দু জাগৰণ মঞ্চ, বৰপেটা জিলা সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৷ শেহতীয়াকৈ দেশৰ লগতে ৰাজ্যত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ, হিন্দু মহিলা যুৱতীৰ ওপৰত হোৱা ধৰ্ষণক লৈ এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় ৷

বৰপেটা চাৰিআলি চ'কৰ পৰা বৰপেটা বৰবজাৰৰ মাজেৰে উলিওৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ ধিঙত হিন্দু যুৱতীক ধৰ্ষণ আৰু বৰপেটাৰ দঙৰকুছিত খিলঞ্জীয়া লোকৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু জাগৰণ মঞ্চৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰ্তাসকলে ৷

বিগত কিছুদিন ধৰি দেশ তথা ৰাজ্যত খিলঞ্জীয়া মহিলা-যুৱতীক ধৰ্ষণ তথা হিন্দুৰ ওপৰত হোৱা আক্ৰমণকাৰীক কৰায়ত্ত কৰি কঠোৰতম শাস্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাই সংগঠনটোৰ নেতা-কৰ্মীয়ে ৷ হিন্দু জাগৰণ মঞ্চৰ এগৰাকী কৰ্মীয়ে কয়, ‘‘হিন্দু হোৱাটোৱেই যেন আমাৰ অপৰাধ ৷ বাংলাদেশতো হিন্দুক মাৰে, কাশ্মীৰতো হিন্দুকে মাৰে আৰু আমাৰ অসমতো হিন্দুকে মাৰি আছে ৷ গতিকে হিন্দুৰ সুৰক্ষাৰ দাবীত আমি ওলাই আহিছো ৷ ’’

লগতে পঢ়ক : ধিংকাণ্ডৰ বিৰুদ্ধে ৩০ টা সংগঠনৰ প্ৰতিবাদত উত্তাল শিৱসাগৰ, মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কংগ্ৰেছৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.