প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হ’ব প্ৰধান শিক্ষকৰ পদ : কিন্তু কি চৰ্ত সাপেক্ষে ? - Minister Ranoj Pegu

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 10:23 PM IST

thumbnail
হাইলাকান্দিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (ETV Bharat Assam)

হাইলাকান্দি, ২৫ জুলাই : হাইলাকান্দিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কৰিলে কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা ৷ বৰাক ভ্ৰমণৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু হাইলাকান্দিত উপস্থিত হয় ৷

প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৭৫ সংখ্যক ৰাজ্যিক দ্বি-বাৰ্ষিক সাধাৰণ সভাত মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰে ৷ হাইলাকান্দিৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই মুকলি সভা ৷ শিক্ষামন্ত্ৰীয়ে এই অনুষ্ঠানত কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে ৷ মন্ত্ৰী পেগুৱে জনাই যে অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক স্থায়ীভাৱে নিয়োগ কৰা হ’ব ৷ ১০০ গৰাকী ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়ত নিযুক্তি দিয়া হ’ব প্ৰধান শিক্ষক ৷

আনহাতে শিক্ষাসেতুত অনুপস্থিতি থকা ৬৮ হাজাৰ ভুৱা ছাত্ৰ-ছাত্ৰীৰ নাম পৰ্টেলৰ পৰা কৰ্তন কৰা হ’ব ৷

তদুপৰি দুৰ্গম অঞ্চলৰ শিক্ষকসকলে ৫ বছৰ শিক্ষকতা কৰিব লাগিব ৷ গ্ৰহণযোগ্যতা পৰীক্ষণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হ’ব ৷ তদুপৰি প্ৰাথমিক শিক্ষকসকলৰ বাবে ছাৰ্ভিচ বুকৰ ব্যৱস্থা কৰা হ’ব ৷

লগতে পঢ়ক : ২০২৫ বৰ্ষৰ গুণোৎসৱত ইউনিফৰ্মৰ নম্বৰো সংযোজিত হ’ব: শিক্ষামন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.