আৰক্ষীৰ বিৰুদ্ধে গ্ৰীণ বাছৰ চালক-হেণ্ডিমেনে কিয় কৰিলে প্ৰতিবাদ ? - Protest In Guwahati

By ETV Bharat Assamese Team

Published : Aug 4, 2024, 8:13 PM IST

thumbnail
আৰক্ষীৰ বিৰুদ্ধে গ্ৰীণ বাছৰ চালকৰ প্ৰতিবাদ (ETV Bharat Assam)

গুৱাহাটী, ৪ আগষ্ট: মালিগাওঁ যান-বাহন আৰক্ষীৰ বিৰুদ্ধে মহানগৰীত ওলাই আহিল গ্ৰীণ বাছ চালক-হেণ্ডিমেন  ৷ আই এছ বি টিত প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ গ্ৰীণ বাছ চালক-হেণ্ডিমেনে । বিনা কাৰণত মহানগৰ আৰক্ষীয়ে গ্ৰীণ বাছৰ পৰিচালকক জেললৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে চালক-হেণ্ডিমেনসকলে ।  

উল্লেখ্য যে যোৱা শুক্রবাৰে মালিগাঁৱত এটা পকেটমাৰৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । মালিগাঁৱত গ্ৰীণ বাছৰ ভিতৰতে এজন লোকৰ পৰা ধন লুটি উধাও হৈছিল পকেটমাৰ । পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত বাছখনৰ পৰিচালকৰ বিৰুদ্ধে গোচৰ তৰিছিল ভুক্তভোগীয়ে । পিছত দেৱেন্দ্ৰ কুমাৰ নামৰ পৰিচালকজনক সিদিনাই মালিগাওঁ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । পৰিচালকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে । তাৰ পিছতে দেওবাৰে গাড়ী বন্ধ কৰি চালক-পৰিচালক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ।  

এই প্ৰসংগত গ্ৰীণ বাছৰ পৰিচালক সকলে কয়," প্ৰায়েই এনে পকেটমাৰৰ উপদ্ৰৱ চলে বাছৰ ভিতৰত । ফলত ৰোষত পৰিবলগীয়া হয় বাছৰ চালক-পৰিচালকসকল । আৰক্ষীয়ে এই পেকেটমাৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে প্ৰায়ে চালক-পৰিচালকক হাৰাশাস্তি কৰে । "

লগতে পঢ়ক:অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি ৰোধকে ধৰি কেইবাটাও দাবীত CITU ৰ প্ৰতিবাদ - CITU protest

নাগৰিকত্ব (সংশোধনী) আইন-২০১৯ বাতিল কৰাৰ দাবীত প্ৰতিবাদ - ANTI CAA PROTEST IN GUWAHATI

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.