কৰিমগঞ্জত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া - Sonbeel Utsav 2024
🎬 Watch Now: Feature Video


Published : Feb 24, 2024, 7:58 PM IST
কৰিমগঞ্জ, 24 ফেব্ৰুৱাৰী : কৰিমগঞ্জত উপস্থিত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া ৷ শুকুৰবাৰে বিয়লি কৰিমগঞ্জত উপস্থিত হয় ৰাজ্যপালগৰাকী ৷ আৱৰ্ত ভৱনত নিশাটো কটোৱাৰ পিচত শনিবাৰে পুৱা কৰিমগঞ্জৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে তেওঁ ৷ এই পৰ্যালোচনা বৈঠকত ৰাজ্যপাল গুলাব চান্দ কটাৰীয়াই জিলাখনৰ প্ৰতিটো বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় ৷
পৰ্যালোচনা বৈঠকত কৰিমগঞ্জৰ জিলা দণ্ডাধীশ মৃদুল যাদৱ, আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসকে ধৰি অন্যান্য বিভাগীয় বিষয়াসকল উপস্থিত থাকে ৷ সাংবাদিকৰ সন্মুখত কৰিমগঞ্জৰ প্ৰতিটো বিভাগৰ কাম-কাজৰ প্ৰশংসা কৰে ৰাজ্যপালগৰাকীয়ে ৷ একে সময়তে ৰাজ্যপাল গুলাব চান্দ কটাৰীয়াই কৰিমগঞ্জৰ জিলা প্ৰশাসনৰ কাম-কাজক লৈয়ো সন্তুষ্টি প্ৰকাশ কৰে ৷ পৰ্যালোচনা বৈঠকৰ অন্তত ৰাজ্যপালগৰাকীয় সোণবিল উৎসৱলৈ যায় ৷
লগতে পঢ়ক : মুছলিম বিবাহ বিচ্ছেদ আইন খাৰিজৰ সিদ্ধান্তক আদৰণি ভুক্তভোগী ইছলাম ধৰ্মাৱলম্বী মহিলাৰ