ভণ্ড বেজে ঘৰৰ ভিতৰৰ পৰাই লুটি নিলে 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ - Looted by fake Baba in dibrugarh

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 10:52 PM IST

thumbnail
বেজ-বেজালিৰ নাম লৈ ঘৰৰ ভিতৰৰ পৰাই লুটি নিলে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ (ETV Bharat Assam)

মৰাণ, 13 জুলাই: আপুনিও জৰা-ফুকা, বেজ-বেজালি আদিত বিশ্বাস কৰে নেকি ? কৰে যদি সাৱধান ! কাৰণ এতিয়া এইবোৰৰ আঁৰ লৈ একাংশই আৰম্ভ কৰিছে ঠগ-প্ৰৱঞ্চনা ৷ সহজে ধন ঘটাৰ বাবে বহু ভণ্ডই গ্ৰহণ কৰিছে এই পন্থা । 

ডিব্ৰুগড়ত ভণ্ড বাবাই 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়াৰ ঘটনা পোহৰলৈ আহিছে । চহৰখনৰ উপকন্ঠ অঞ্চল ডিকম নাহৰতলী গ্ৰান্ট গাঁও নিবাসী প্ৰদীপ বাল্মিকী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহৰ পৰা শুকুৰবাৰে দুই ভণ্ড বাবাই লুটি লৈ যায় 4 লাখ টকাৰ সোণৰ আ-অলংকাৰ ।

ভুক্তভোগীয়ে জনোৱা মতে, ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰদীপ বাল্মিকীৰ পত্নীৰ পৰা বিভিন্ন তন্ত্ৰ-মন্ত্ৰ কৰাৰ চলেৰে সোণৰ আ-অলংকাৰ লুটি পলায়ন কৰে দুই ভণ্ড বাবাই । নিশা প্ৰদীপ বাল্মিকী ঘৰলৈ উভতি অহাৰ পাচতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । ঘটনা পোহৰলৈ অহাৰ পাচতে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । 

ঘটনা পোহৰলৈ অহাৰ পাচতে ভণ্ড বাবাৰ বিৰুদ্ধে ডিকম আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে । আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক: লণ্ডভণ্ড ভূপেন বৰাৰ বাসগৃহ: পৰিকল্পিত ঘটনা বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ - Bhupen Borah

বিধায়ক আৱাসৰ গাতে লাগি থকা নামঘৰত চোৰৰ চাফাই - Theft incident

মঙলদৈত চোৰ, প্ৰৱঞ্চকৰ উপদ্ৰৱ, একেদিনাই লুটিলে দুগৰাকীক - Theft Incident In Mangaldoi

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.