নাগৰিকত্ব সংশোধনী আইনৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবীত আছুৰ প্ৰতিবাদ - Protest against CAA

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 4:26 PM IST

thumbnail
নাগৰিকত্ব সংশোধনী আইনৰ নিৰ্দেশ প্ৰত্যাহাৰৰ দাবীত আছুৰ প্ৰতিবাদ (ETV Bharat Assam)

গোলাঘাট, 16 জুলাই: ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰি 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে অসমলৈ অহা লোকক নাগৰিকত্ব সম্পৰ্কীয় গোচৰ বিদেশী ন্যায়াধিকৰণত নপঠিয়াবলৈ গৃহ বিভাগে সীমান্ত শাখাৰ সঞ্চালকালয়লৈ এক নিৰ্দেশনা প্ৰেৰণ কৰাৰ পাচতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আছু ৷ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে গোলাঘাট জিলাতো গোলাঘাট আছুৱে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । মঙলবাৰে গোলাঘাটৰ বেজবৰুৱা চাৰিআলিত গৃহ বিভাগে প্ৰেৰণ কৰা অধিসূচনাৰ প্ৰতিলিপি দাহ কৰি গোলাঘাট আছু সোচ্ছাৰ হ’ল চৰকাৰৰ বিৰুদ্ধে । 

উক্ত প্ৰতিবাদী কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈয়ে অংশগ্ৰহণ কৰি কয়, "ৰাজ্য চৰকাৰে বৃহত্তৰ অসমীয়া জাতি ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছো ৷ অনাগত দিনত এই আইনৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ৷" 

উল্লেখ্য যে, ৰাজ্য চৰকাৰে সোমবাৰে এক নিৰ্দেশযোগে 2014 চনৰ 31 ডিচেম্বৰৰ ভিতৰত অসমত অবৈধভাবে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ পৰা প্ৰৱেশ কৰা হিন্দু, জৈন, পাৰ্চী, শিখ আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণ আদালতত গোচৰ দি হাৰাশাস্তি নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । 

লগতে পঢ়ক: আন্দোলন কৰিলে মানুহ মৰে ! জুবিনৰ কথা মানি ল'ব পৰা নাই ড৹ গোঁহায়ে - Hiren Gohain slams BJP

পাঁচজন মানুহৰ মৃত্যুৰ ভাল হিচাব এটা এদিন অসমত হ’ব : মুখ্যমন্ত্ৰী - Himanta Biswa Prees Meet

'কা' কাৰ্যকৰী হ'ল অসমত : দিছপুৰৰ গৃহ বিভাগৰ পৰা আৰক্ষীলৈ গ'ল বিশেষ নিৰ্দেশনা - CAA implementaion in assam

পুনৰ অসম উত্তাল কৰাৰ হুংকাৰ অখিল গগৈৰ - CAA implementaion in Assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.