thumbnail

বানে প্ৰাণ ল'লে শিশুৰ, বাঢ়নী পানীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 2:21 PM IST

ডিব্ৰুগড়,৭ জুলাই: বানৰ ভয়াৱহতাৰ মাজতে ডিব্ৰুগড়ৰ খোৱাং হালধিবাৰীত অচিনাক্ত যুৱতীৰ মৃতদেহ উদ্ধাৰ ৷ হালধিবাৰী মইনা গাঁৱত বাঢ়নী পানীৰ মাজত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ বুঢ়ীদিহিঙৰ বাঢ়নী পানীত অন্য কোনো স্থানৰ পৰা মৃতদেহটো উটি অহাৰ সন্দেহ গাঁওবাসীৰ ৷ ঘটনাস্থলীত খোৱাং আৰক্ষী তথা SDRF-ৰ দল উপস্থিত হোৱাৰ পাচতে পানীৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহটো ৷ বানৰ ভয়াৱহতাৰ মাজতে যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।  

আনহাতে মৰাণৰ খোকামৰাত সংঘটিত হয় আন এক শোকাৱহ ঘটনা ৷ দিৰৈ নৈৰ বাঢ়নী পানীত পৰি ১১ বছৰীয়া শিশুৰ মৃত্যু ৷ চৰাইদেউ জিলাৰ খোকামৰা লাওজানত সংঘটিত হয় এই ঘটনা ৷ শনিবাৰে কলৰ ভূৰ সাজি সমনীয়াৰ লগত গৈ থাকোতে হঠাৎ দ' পানীত পিচলি পৰে সঞ্জীৱ ধুবী নামৰ শিশুটি ৷ প্ৰশাসনৰ সৈতে স্থানীয় ৰাইজে শিশুটিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । খোকামৰা লাওজানৰ তিলেশ্বৰ ধুবীৰ পুত্ৰ সঞ্জীৱ পঞ্চম শ্ৰেণীৰ ছাত্ৰ আছিল ৷ ইতিমধ্যে ঘটনা সংঘটিত হোৱা পাচতে ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে মৃত ছাত্ৰজনৰ পৰিয়ালক ৪ লাখ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে । 

লগতে পঢ়ক: টুলুঙা নাও ডুবি দুটি নাবালকৰ মৃত্যু - Two Minors Died

বোকাখাতত নাও ডুবি দুজন যুৱকৰ মৃত্যু : তিনিজনৰ কথমপি প্ৰাণৰক্ষা - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.