মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল নাই: ড৹ চহিৰ ভূঞা - Assam Land Sale Policy - ASSAM LAND SALE POLICY

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 6, 2024, 5:28 PM IST

মঙলদৈ,৬ আগষ্ট: সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মাটি ক্ৰয়-বিক্ৰয়ৰ নীতিৰ সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে । গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ড৹ চহিৰ ভূঞাই খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা, অধিকাৰৰ কথা কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ মাজত মাটি ক্ৰয়-বিক্ৰয় কৰিব নো‌ৱাৰিব, কৰিলেও মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব, হিন্দুৱে মুছলমানক, মুছলমানে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰিব অৰ্থাৎ হিন্দুৱে হিন্দুৰ মাজত আৰু মুছলমানে মুছলমানৰ মাজতহে মাটিৰ ক্ৰয় বিক্ৰয় কৰিব পাৰিব বুলি কৰা ঘোষণাই খিলঞ্জীয়া মুছলমানক চিৰদিনলৈ অস্তিত্বহীন তথা ভূমিহীন কৰিব বুলি তীব্ৰ সমালোচনা কৰে ।  

ইয়াৰোপৰি তেওঁ কয়,"মুখ্যমন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল নাই । খিলঞ্জীয়াৰ আওতাৰ পৰা গৰিয়া মৰিয়াক বাহিৰ কৰি চিৰদিনলৈ অস্তিত্বহীন কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে ।" লগতে এই সিদ্ধান্তত ঘোৰ আপত্তি দৰ্শাই আৰু হিন্দু-মুছলমানৰ ভিত্তিত নহয় , খিলঞ্জীয়া অখিলঞ্জীয়াৰ ভিত্তিত সিদ্ধান্ত ল'বলৈ দাবী জনাই ড৹ ভূঞাই ।

লগতে পঢ়ক: লাভ জেহাদ-লেণ্ড জেহাদৰ বিৰুদ্ধে শীঘ্ৰেই আহিব আইন : মুখ্যমন্ত্ৰী - Himanta Biswa Sarma

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনালে কেবাখনো নতুন আইনৰ বিষয়ে : কি কি ? - Assam Land Sale Policy

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.