অপহৰণকাণ্ডৰ লগত জড়িত তিনি যুৱকক গ্ৰেপ্তাৰ গড়চুক আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 9:21 PM IST

thumbnail

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : মহানগৰীৰ খানাপাৰাৰ চাঞ্চল্যকৰ অপহৰণকাণ্ডৰ ঘটনা মাৰ নৌযাওতে মঙলবাৰে পুনৰ পোহৰলৈ আহিছে আন এক অপহৰণৰ ঘটনা । এইবাৰ ISBT ত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো । জানিব পৰা মতে, বহিঃৰাজ্যৰ সোণৰ ব্যৱসায়ী এগৰাকীয়ে ব্যৱসায় সংক্ৰান্তত কোনো ব্যক্তিক দিবলৈ দুই কিলো সোণ লৈ আহিছিল গুৱাহাটীলৈ । পিচত ISBT ৰ পৰা এটা পাঁচজনীয়া যুৱকৰ দলে ব্যৱসায়ীজনক অপহৰণ কৰি লৈ যায় মেঘালয়ৰ পাহাৰীয়া কোনো দুৰ্গম স্থানলৈ ।

ব্যৱসায়ীজনে সমগ্ৰ ঘটনা গড়চুক আৰক্ষীক অৱগত কৰি এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত গড়চুক আৰক্ষীয়ে তদন্ত আগবঢ়াই ISBT ৰ সমীপৰ CCTV অনুসৰণ কৰি আজি সোণাপুৰৰ পৰা তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰে । লগতে এখন স্কৰপিঅ’ বাহন থানালৈ লৈ আহে । অৱশ্যে স্কৰপিঅ’ বাহনখন এই অপহৰণ কাণ্ডটোৰ লগত জড়িত আছিল নে সেই কথা এতিয়াও স্পষ্ট হোৱা নাই । আনহাতে এই ঘটনাৰ লগত জড়িত আন দুজন লোক আৰু দুই কিল’গ্ৰাম সোণ এতিয়াও জব্দ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে । ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীয়ে মৌনতা পালন কৰি সংবাদ মাধ্যমক কোনো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : ঘৰত নাই কাপোৰ-কানি: মাক-জীয়েক নিৰুদ্দেশ !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.