মৰাণত চাৰিটি শিশুৱে সৰস্বতী পূজা উদযাপন কৰাক লৈ ব্যাপক চৰ্চা - বাগদেৱীৰ আৰাধনা

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 14, 2024, 4:38 PM IST

ডিব্ৰুগড়, 14 ফেব্ৰুৱাৰী :  আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । ৰাজ্যৰ সকলো বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰী আৰু  ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী পূজা উদযাপন কৰি দেৱী সৰস্বতীৰ আশীষ লৈছে । সময় বাগৰাৰ লগে লগে পৰিৱেশ সলনি হৈ আহিল সৰস্বতী পূজাৰ পৰিৱেশ ৷ প্ৰায় দহ বছৰৰ আগতে সৰস্বতী পূজা বুলিলেই আগদিনাই মাৰ ভাগৰ কাপোৰবোৰৰ মাজত নিজৰ পছন্দৰ কাপোৰযোৰ বাচি লৈ মাকে সাজি-কাচি উলিয়াই পঠিওৱা মতেই বিদ্যালয় পাইছিলগৈ ছাত্ৰীসকল ৷ সময়ৰ পৰিপ্ৰেক্ষিতত সেই সোণালী সময়বোৰ ৰূপান্তৰিত হ’ল সুন্দৰী প্ৰতিযোগিতালৈ ৷ অঘোষিত প্ৰতিযোগিতাৰ মাজত আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে সৰস্বতী পূজা । কিন্তু ইমান আধুনিকতাৰ মাজতো তেনেই সহজভাৱে অনুষ্ঠিত কৰা এখন সৰস্বতী পূজা আজি চৰ্চালৈ আহিছে ৷

মৰাণত চৰ্চিত হৈছে এখন বিশেষ পূজা । চাৰিটি শিশুৱে মিলি পাতিছে এইভাগ সৰস্বতী পূজা । কোনো জাক-জমকতা নাই, মাথো চাৰিটা খুঁটা, দুখন কাপোৰ আৰু কেইটামান বেলুন, তেনেকেই পাতিছে সৰস্বতী পূজা । নিজৰ টিফিনৰ পইচা ৰাহি কৰি আৰু ঘৰৰ পৰা কিছু সহায় লৈ মৰাণৰ অভয়পুৰত বাগদেৱীৰ আৰাধনা কৰিছে চাৰিজন ছাত্ৰই । এই পূজাভাগৰ বাবেই আজি স্কুললৈয়ো যোৱা নাই এই চাৰি ছাত্ৰ ৷ চাৰি বন্ধু ক্ৰমে প্ৰিঞ্চ চাহ, পংকজ দেৱ, সঞ্জীৱ দৰ্জী আৰু সুজিত ছেত্ৰীয়ে একেলগ হৈ পতা এই পূজাভাগিত সকলোৱে আহি বাগদেৱীৰ আশীষ লৈছে । আধুনিকতাৰ জাক-জমকতাৰ মাজত এই কেইজন ছাত্ৰৰ এই প্ৰয়াসক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক : সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতি পালন কৰিব লাগে ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.