thumbnail

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 9:53 PM IST

ETV Bharat / Videos

জখলাবন্ধা আৰক্ষীৰ জালত চাৰি গৰুচোৰ

কলিয়াবৰ,২০ ফেব্ৰুৱাৰী: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো অব্যাহত গৰুচোৰৰ উপদ্ৰৱ । গৰুচোৰৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনীও কটাবলগীয়া হৈছে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । ইয়াৰ মাজতে জখলাবন্ধা আৰক্ষীৰ এক অভিযানত চামগুৰি আৰক্ষী নিৱেশ এলেকাৰ পৰা আটক চাৰি গৰু চোৰক । দীৰ্ঘকাল ধৰি কলিয়াবৰত গৰু চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা চাৰি গৰুচোৰ ক্ৰমে ইব্ৰাহিম আলী, ৰমজান আলী, হাইদৰ আলী আৰু আশ্বিকুল হুছেইন বৰ্তমান জখলাবন্ধা আৰক্ষীৰ নিৱেশৰ আলহী ।  

এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই । উল্লেখযোগ্য যে, কলিয়াবৰৰ বিভিন্ন গাঁৱত প্ৰায় প্ৰতি নিশাই গৰুচুৰি কাৰ্য সংঘটিত হোৱাৰ পাচতো আৰক্ষী আৰু মহকুমা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাক লৈ সৰ্বত্ৰে চৰ্চা হৈছিল । সোমবাৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সজাতি দলে কলিয়াবৰৰ মহকুমাধিপতিক আৰক্ষী-প্ৰশাসনৰ প্ৰয়োজনীয় পদক্ষেপৰ দাবীত স্মাৰকপত্ৰ প্ৰদান কৰিছিল । তাৰ ফলশ্ৰুতিতেই আৰক্ষীৰ তৎপৰতা বৃদ্ধি পোৱা বুলি সচেতন মহলৰ মাজত চৰ্চা হৈছে ।

লগতে পঢ়ক: অসম-নাগালেণ্ড সীমান্তত সক্ৰিয় গৰু চোৰ চক্ৰ: অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.