বনৰীয়া ম'হ ট্ৰেংকুলাইজ কৰিবলৈ আহি উভতি গ'ল বন বিভাগ - Wild Buffalo terror in Assam - WILD BUFFALO TERROR IN ASSAM
🎬 Watch Now: Feature Video
Published : Aug 6, 2024, 10:02 PM IST
ডিব্ৰুগড়,৬ আগষ্ট: ডিব্ৰুগড়ৰ কেইবাটাও স্থানত বনৰীয়া ম'হৰ তাণ্ডৱ । দীৰ্ঘদিনৰ পৰা বনৰীয়া ম'হে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত ৰাইজৰ খেতি নষ্ট কৰাৰ লগতে খোৱাঙৰ বুঢ়ীখোৱাঙত দুটামান দিনৰ পূৰ্বে এটা বনৰীয়া ম'হে এজন লোকক আক্ৰমণ কৰি হত্যা কৰাৰ লগতে আন এজন লোকক গুৰুতৰভাৱে আহত কৰিছিল । ইয়াৰ পিচতে মঙলবাৰে বন বিভাগৰ এটা বৃহৎ দল খোৱাং কলৌলোৱাত আহি উপস্থিত হৈ বনৰীয়া ম'হটোৰ সন্ধানত নামি পৰে । বন বিভাগৰ লগতে আৰক্ষী আৰু ট্ৰেংকুলাইজ কৰা টীমো উপস্থিত হয় গাঁওখনত ।
এটা সময়ত এখন হাবিৰ কাষত আশ্ৰয় লৈ থকা দুটা বনৰীয়া ম'হ প্ৰত্যক্ষ কৰে দলটোৱে । ম'হ দুটা কিছু আঁতৰৰ পৰা দলটোৱে নিৰীক্ষণ কৰিয়েই ঘূৰি আহিব লগা হ'ল । কাৰণ এটা ম'হক ট্ৰেংকুলাইজ কৰিব পৰা সামগ্ৰীহে আছিল বিভাগটোৰ ওচৰত । বুধবাৰে পুনৰ দুয়োটা ম'হক ট্ৰেংকুলাইজ কৰিবলৈ বিভাগটোৱে চেষ্টা চলাব বুলি ৰাইজক আশ্বাস দিয়ে যদিও সন্ত্ৰাস সৃষ্টি কৰা ম'হ দুটাক লৈ বৰ্তমানো ৰাইজ শংকিত হৈ আছে ।