প্ৰথমবাৰলৈ মাজুলীত আয়োজন পৰ্যটন মহোৎসৱ - CEPT UNIVERSITY STUDENTS
🎬 Watch Now: Feature Video
Published : Dec 13, 2024, 4:44 PM IST
মাজুলী : আহমেদাবাদৰ CEPT University ৰ (Centre for Environmental Planning and Technology) এটি শিক্ষাৰ্থীৰ দলে বৃহস্পতিবাৰে বিয়লি মাজুলীৰ গড়মূৰস্থিত পৰ্যটক নিবাস মহেশ্বৰ লেণ্ডত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে উপভোগ কৰে মাজুলীৰ বাৰেৰহণীয়া সংস্কৃতি ।
এই অনুষ্ঠানটিৰ মাজেৰে শিক্ষা আৰু ক্ষেত্ৰভিত্তিক পৰ্যটন মহোৎসৱ হিচাপে প্ৰথমবাৰলৈ কম পোহৰ আৰু মাইক্ৰফোনৰ কম ব্যৱহাৰৰ মাজেৰে মাজুলীৰ এখন প্ৰকৃত ছবি দাঙি ধৰিবলৈ প্ৰয়াস কৰা হয় ।
দেশৰ বিভিন্ন ৰাজ্যৰ এই শিক্ষাৰ্থী দলটিৰ আগত স্থানীয় লোকৰ দ্বাৰা গায়ন-বায়ন, বৰগীত পৰিৱেশনৰ লগতে দশাৱতাৰ নৃত্য, সুত্ৰধাৰ, ভাওনাৰ কিছু দৃশ্যাংশ প্ৰদৰ্শনেৰে গুৰু দুজনাই দি থৈ যোৱা সংস্কৃতিৰ কিছু আভাস দিৱলৈ যত্ন কৰা হয় এইসকল শিক্ষাৰ্থীক । এই দলটিত আছিল বিভিন্ন বিভাগত অধ্যয়নৰত কেৰালা, মধ্যপ্ৰদেশ, ৰাজস্থান, কৰ্ণাটক আদি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী ।
এই অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননী গোপাল দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীৰ পৰা ছাত্ৰ-ছাত্ৰীৰ দলটিয়ে আৰ্শীবাদ লয় । এই অনুষ্ঠানটিত উপস্থিত থাকে ভোগপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ উৎপল মহন্ত, পৰ্যটন বিভাগৰ বিষয়ববীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ । অনুষ্ঠানটি উপভোগ কৰি ছাত্ৰ-ছাত্ৰীৰ দলটো অভিভূত হৈ পৰা পৰিলক্ষিত হয় ।