হাজিৰা কৰি পোৱা টকাৰেই ফুলৰ পুলি কিনি সাজিছে বাগিচা - Udalguri positive story
🎬 Watch Now: Feature Video


Published : Feb 3, 2024, 11:12 AM IST
ওদালগুৰি, ৩ ফেব্ৰুৱাৰী : ফুলক ভালপোৱা এজন ব্যক্তি । এই লোকজনে দিনহাজিৰা কৰি দুবেলা দুমুঠি যোগাৰ কৰে । পৰিয়ালক পোহপাল দিয়াত খুব কষ্ট হ'লেও তেওঁৰ এই লাঘব কৰে এখন বাগিচাই । হাজিৰা কৰি পোৱা টকাৰে কেতিয়াবা ঘৰৰ অত্য়াৱশ্য়কীয় সামগ্ৰী ক্ৰয়ৰ পৰিৱৰ্তে ফুলৰ পুলিহে কিনি আনে । সেই ফুলবোৰেৰে ঘৰখন উপচি পৰিছে । ফুল ভাল পোৱা মানুহজন হৈছে হৰেশ্বৰ ডেকা ।
ওদালগুৰি জিলাৰ ৪ নং ৰজাগড়ত হৰেশ্বৰ ডেকাৰ ঘৰ । ঘৰখন আপুনি চিনিব নোৱাৰিব । নিয়ৰমালতি ফুলে সমগ্ৰ থকাঘৰ আৱৰি ৰাখিছে । বাটৰুৱাই এই ঘৰটো দেখিলে ক্ষন্তেক ৰৈ একপি ফটো তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰিবই । দূৰ দূৰনিৰ পৰা মানুহৰ সমাগম হয় হৰেশ্বৰ ডেকাৰ ঘৰলৈ কেবল ফুলৰ বাবে ।