জীয়াঢলৰ কাংকু সুঁতিৰ বাঢ়নী পানীত বুৰিল ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-06-2024/640-480-21818554-thumbnail-16x9-flood.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 28, 2024, 4:45 PM IST
ধেমাজি, 28 জুন : বৃহস্পতিবাৰে নিশা অৰুণাচলৰ পাহাৰত হয় ধাৰাসাৰ বৰষুণ ৷ ফলত ফেনে-ফোটোকাৰে বাঢ়িছে ধেমাজিৰ খৰস্ৰোতা জীয়াঢল নদী ৷ এই নদীৰ কাংকু সুঁতিৰ বাঢ়নী পানীয়ে জীয়াঢল চাৰিআলিৰ ভজো গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো শুক্ৰবাৰে বুৰাই পেলায় ৷
অৰ্থাৎ আকৌ আহাৰ মহীয়া বানত বুৰিল ধেমাজিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা । ফলত পথেদি যান-বাহন চলাচলত ব্যাঘাত আহি পৰিছে ৷ আনকি পথটোৰ দুয়োকাষে থকা ঘৰ-বাৰী, পথাৰ সকলো পানীৰ তলত ৷ ইফালে জিলা প্ৰশাসনে কেৱল পথটোত বাঁহৰ এডাল খুঁটিৰ ওপৰত ৰঙা কাপোৰ আঁৰিয়ে নিজৰ দায়িত্ব সামৰিছে ৷ এয়া অঞ্চলবাসীৰ অভিযোগ ৷
কিন্তু আচৰিত কথা যে, জীয়াঢল নদীৰ এই সুঁতিটোৱে প্ৰায়ে তাণ্ডৱলীলা চলাই অহাৰ পিচতো আজি পৰ্যন্ত সমস্যাৰ সমাধান কৰিব নোৱাৰিলে চৰকাৰে ৷ এই অভিযোগ অঞ্চলবাসীৰ ৷
লগতে পঢ়ক : সুস্থিৰ হোৱাৰ দিশে ৰাজ্যৰ বান পৰিস্থিতি; মৃতকৰ সংখ্যা ৩০ লৈ বৃদ্ধি - Assam Flood 2024