বানৰ সংহাৰ, বিলাসীপাৰাত পানীৰ তলত প্ৰায় ২ হাজাৰ পৰিয়াল - Assam Flood 2024 - ASSAM FLOOD 2024
🎬 Watch Now: Feature Video
Published : Jun 20, 2024, 7:03 PM IST
বিলাসীপাৰা,২০ জুন: বছৰৰ প্ৰথমটো বানত বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি । গৌৰাং নৈৰ মাথাউৰি ছিগি নিশাৰ ভিতৰত জলমগ্ন হৈ পৰে বিলাসীপাৰা মহকুমাৰ চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ ৰ পৰা ১২ খনৰো অধিক গাঁও । পানীৰ তলত প্ৰায় ২ হাজাৰ পৰিয়ালৰ বাসগৃহ । গৌৰাং আৰু মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰাত ব্যাহত হৈ পৰিছে নৈপৰীয়া ৰাইজৰ স্বাভাৱিক জীৱন । উল্লেখ্য যে গৌৰাং নৈৰ যমদুৱাৰ দ্বিতীয় খণ্ড গাঁৱৰ সংলগ্ন মথাউৰিটোক লৈ প্ৰতিটো বাৰিষাতেই নিদ্ৰাহৰণ হয় চিৰাকুটাৰ প্ৰায় ১০ খনৰো অধিক গাঁৱৰ জনতাৰ ।
উক্ত মাথাউৰিটো নিৰ্মাণৰ বাবে বাৰিষাৰ সময়ত ধুবুৰী জিলা আয়ুক্ত, বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতিৰ পিচত প্ৰতিশ্ৰুতি দি আহিছে আজিলৈকে কাৰ্যতঃ সম্ভৱ হৈ উঠা নাই । উল্লেখ্য যে বিগত ২০২২ বৰ্ষৰ বাৰিষাৰ সময়তে উক্ত মাথাউৰিটো পৰিদৰ্শন কৰি নিৰ্মাণৰ আশ্বাস দিছিল প্ৰায় এক ডজন মন্ত্ৰী-বিধায়কে । কিন্তু মন্ত্ৰী-বিধায়কৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই থাকিল । বিপৰীতে উক্ত এলেকাৰ বিস্তীৰ্ণ অঞ্চলৰ জনতাই আজি পৰ্যন্ত বানৰ সৈতে সহবাস কৰিবলগীয়া হৈছে ।