বানত ক্ষতিগ্ৰস্তৰ হাহাকাৰ : ১০ দিনৰ পাচতো আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই বানাক্ৰান্ত - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 9:57 PM IST

thumbnail
অন্ত পৰা নাই বানাক্ৰান্তৰ দুখ-দুৰ্দশা (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 12 জুলাই : ডিব্ৰুগড় জিলাৰ বান বিধ্বস্ত বৃহত্তৰ খোৱাং অঞ্চলত বান পৰিস্থিতি সামান্য উন্নত হ'লেও অন্ত পৰা নাই বানাক্ৰান্তৰ দুখ-দুৰ্দশা ৷ বানত নিজৰ ঘৰখনৰ লগতে প্ৰয়োজনীয় সামগ্ৰী সম্পূৰ্ণৰূপে নষ্ট হোৱাত হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্তই ৷  

মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত খোৱাং কাৱৈমাৰী প্ৰণতি ঘাটৰ বানাক্ৰান্ত ৰাইজে আজিও ওখ স্থানতে শিবিৰ পাতি আশ্ৰয় লৈ আছে ৷ বুঢ়ীদিহিঙৰ বানে বিধ্বস্ত কৰাৰ 10 দিন উকলি যোৱাৰ পাচতো এতিয়াও নিজৰ আপোন ঘৰখনলৈ ঘূৰি যাব পৰা নাই বানাক্ৰান্ত ৷ 2 জুলাইত খোৱাং চেনিমাৰীত বুঢ়ীদিহিঙৰ বানে ৰিংবান্ধ খহাই নিয়াৰ পাচৰে পৰা দুৰ্বিসহ পৰিস্থিতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷ এতিয়ালৈকে বহু লোকৰ গৃহত এবুকু পৰ্যন্ত পানী ৷  

কেৱল ঘৰেই নহয় ঘৰৰ প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰী বানে নষ্ট কৰি থৈ যোৱাত অসহায় হৈ পৰিছে ৰাইজ ৷ ইফালে ভৰাঁলতে ধানে গজালি মেলাত তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৷ তদুপৰি প্ৰয়োজনীয় বিভিন্ন সামগ্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কিতাপ-পত্ৰ, প্ৰয়োজনীয় নথি পানীত বুৰ যোৱাত অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে ৰাইজ ৷ এই অঞ্চলটো খোৱাঙৰ এটা দুৰ্গম অঞ্চল হোৱাৰ বাবে চৰকাৰী সাহাৰ্য, চিকিৎসা সেৱাৰ ক্ষেত্ৰতো অৱহেলাৰ সন্মুখীন হোৱাত বানাক্ৰান্তই চৰকাৰ-প্ৰশাসনক সু-ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৷ 
লগতে পঢ়ক : নিশা ১ বজাত ক’ৰ পৰা আহিল প্ৰলয়ংকৰী বান ? মুহূৰ্ততে হুৱাদুৱা - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.