বহু প্ৰত্নতাত্ত্বিক সমল, ভগ্নাৱশেষ, মঠ-মন্দিৰৰে সমৃদ্ধ দৈয়াং উপত্যকা

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 8:54 AM IST

thumbnail

সৰুপথাৰ, 15 মাৰ্চ: গোলাঘাট জিলাৰ অন্যতম দৈয়াং-ধনশিৰি উপত্যকা । দৈয়াং-ধনশিৰিৰ উপত্যকাত আছে বহু প্ৰত্নতাত্ত্বিক সমল, ভগ্নাৱশেষ, মঠ-মন্দিৰ । শুকুৰবাৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° প্ৰণৱ ঢেকিয়াল ফুকনৰ তত্ত্বাৱধানত স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলে দৈয়াং উপত্যকালৈ ক্ষেত্ৰ অধ্যয়ন কৰিবলৈ যায় ।

গোলাঘাট জিলাৰ দৈয়াং উপত্যকাৰ প্ৰত্নতাত্ত্বিক সমলেৰে পৰিপূৰ্ণ অঞ্চল তেলীশাল । তেলীশাল অঞ্চলৰ অন্তৰ্গত ঐতিহাসিক স্থান কাছমাৰী, চিচুপানী, বিষ্ণুপুৰ, ৰজাবাৰী । এই স্থানসমূহ এতিয়া হৈ পৰিছে ক্ষেত্ৰভিত্তিক অধ্যয়ন, গৱেষণা কৰ্মৰ এক তথ্যৰ ভিত্তি । বিষ্ণুপুৰ আৰু ৰজাবাৰী ঠাইত আছে বহু পুৰণি ৰজাদিনীয়া শৈলস্তম্ভ, পুৰণি শিলৰ মূৰ্তি । 

উল্লেখ্য যে, কছাৰী ৰজাৰ ৰাজত্বকালৰে এই প্ৰত্নতাত্ত্বিক সমলসমূহ উদ্ধাৰ হৈছে বিষ্ণুপুৰ গাঁৱৰ মানুহৰ বাৰীবোৰত । স্থানীয় লোকসকলেই সংৰক্ষণ কৰিছে সমলবোৰ । কাছমাৰীৰ ৰজাবাৰীত আছে ৰজাদিনীয়া বহুতো শৈলস্তম্ভ ।

লগতে পঢ়ক: অসমৰ প্ৰথমগৰাকী মহিলা ঠিকাদাৰে নিৰ্মাণ কৰা পথটোও অবহেলিত !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.