নিজহাতে 4 মহীয়া কন্যা সন্তানক হত্যা পিতৃৰ - BRUTAL MURDER in Tinsukia - BRUTAL MURDER IN TINSUKIA
🎬 Watch Now: Feature Video
Published : Jun 16, 2024, 10:04 PM IST
তিনিচুকীয়া, ১৬ জুন: তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত মুগংপথাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । পাষাণ পিতৃয়ে নৃশংসভাৱে হত্যা কৰিলে নিজৰেই কণমানি কন্যা সন্তানক । ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, ৰাজকুমাৰী চাহ বাগিচাৰ নিবাসী বিনোদ কৰ্মকাৰে নিজৰেই চাৰিমহীয়া কন্যা সন্তানক হত্যা কৰে দেওবাৰে পুৱা ৷ হত্যাকাণ্ডটো সংঘটিত কৰিয়েই বিনোদে পলায়ন কৰিছিল যদিও পেঙেৰী আৰক্ষীয়ে তেওঁ আটক কৰে ।
কন্যা শিশুটিৰ মৃতদেহটো লৈ মাতৃ উপস্থিত হয় পেঙেৰী আৰক্ষী থানাত ৷ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ হত্যাকাৰী পিতৃক পেঙেৰী আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখে, যদিও কি কাৰণত পিতৃ বিনোদ কৰ্মকাৰে নিজৰ চাৰিমহীয়া কন্যা সন্তানক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷