পাষাণ পিতৃ; মাতৃৰ কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্ৰক - sensational murder case
🎬 Watch Now: Feature Video
মৰাণ, 18 জুন : চৰাইদেউ জিলাৰ সোণাৰিৰ চিংল' পথাৰত সোমবাৰে নিশা এক নৃশংস ঘটনা সংঘটিত হৈছে । পিতৃয়ে মাতৃৰ কোলাতে কাটি দুচেও কৰিলে এবছৰীয়া পুত্ৰক ।
জানিব পৰা অনুসৰি, চিংল’ পথাৰৰ নিবাসী বিষ্ণু তাঁতীৰ পত্নীয়ে প্ৰায়ে ফোনত আনৰ লগত কথা পাতি থাকে ৷ ফোনত কথা পতাৰ বাবে বিষ্ণু তাঁতীয়ে তেওঁৰ পত্নীক প্ৰায়ে সন্দেহ কৰে ৷ এই সন্দেহতে স্বামী-স্ত্ৰীৰ মাজত সঘনে কাজিয়াৰ সূত্ৰপাত হয় । অন্য দিনাৰ দৰে সোমবাৰেও ফোনত কথা পতাকলৈয়ে বিষ্ণু তাঁতী আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷
খঙৰ ভমকতে বিষ্ণুৱে তেওঁৰ পত্নীক চোকা দাৰে আক্ৰমণ কৰিবলৈ লয় ৷ তেনেতে সেই ঘাপটো বিষ্ণুৰ পত্নীৰ বিপৰীতে মাকৰ কোলাত থকা এবছৰীয়া পুত্ৰৰ মূৰত চোকা দাৰ ঘাপটো পৰে ৷ ফলত থিতাতে নিহয় হয় বিষ্ণু তাঁতীৰ পুত্ৰ ।
ঘটনাৰ পাচতে ততাতৈয়াকৈ শিশুটিক চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । লগে লগে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়াত নিশাই আৰক্ষীয়ে পুত্ৰ হত্যাকাৰী বিষ্ণু তাঁতীক আটক কৰে ।