চৰাইদেউত বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ একে পৰিয়ালৰ ৫ জন - Charaideo Mushroom Poisoning - CHARAIDEO MUSHROOM POISONING
🎬 Watch Now: Feature Video


Published : Apr 26, 2024, 9:40 PM IST
মৰাণ, 26 এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিষাক্ত কাঠফুলা খাই বহুজনে প্ৰাণ হেৰুৱাব লগা হোৱাৰ সময়তে চৰাইদেউ জিলাৰ সাপেখাতীত বনৰীয়া কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একে পৰিয়ালৰ পাঁচজনকৈ লোক ৷ সাপেখাতী উজনিকুৰী গাঁৱৰ দীপা মুড়া ( 28) , ভদ্ৰেশ্বৰ মুড়া (29)নিজৰা মুড়া (8), দিপাঞ্জলী মুড়া (3) আৰু এটি ডেৰ বছৰীয়া সন্তানে পুৱাৰ আহাৰৰ সৈতে বনৰীয়া বিষাক্ত কাঠফুলা ভক্ষণ কৰা পাচতেই অসুস্থ হৈ পৰে ৷
আটাইকে প্ৰথমে সাপেখাতী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷ ইয়াৰে দীপা মুড়া নামৰ মহিলাগৰাকীয়ে বমি কৰাৰ লগতে অত্যন্ত পেটৰ বিষত আক্ৰান্ত হোৱাত স্বাস্থ্য সংকটজনক বুলি জানিব পৰা গৈছে ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ স্বাস্থ্য বিষয়াই জানিবলৈ দিয়া অনুসৰি ঘৰৰ পাচফালে ওলোৱা কাঠফুলা ঢেঁকীয়া শাক আৰু মাংসৰ সৈতে ৰান্ধি পৰিয়ালটোৰ সকলোৱে খোৱাৰ পাচতে সকলো অসুস্থ হৈ পৰে ৷
লগতে পঢ়ক : গোলাঘাটৰ বৰপথাৰত বিধ্বংসী অগ্নিকাণ্ড - Devastating Fire